ভয়াৱহ বায়ু প্রদূষণে আয়ুস হ্রাস কৰিছে ভাৰতীয়ৰ। ভাৰতৰ ১৪০ কোটি নাগৰিকে এনে পৰিৱেশত বাস কৰে, য’তে বায়ু প্ৰদূষণৰ বাৰ্ষিক গড় (এএপিপি) বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত সীমাতকৈ অধিক।
ভাৰতৰ সবাতোকৈ প্রদূষণমুক্ত অঞ্চলত যিসকল লোকে বসবাস কৰে, তেওঁলোকেও প্রায় ৯.৫ মাহ অধিক জীয়াই থাকিলহেঁতেন, যদিহে বিশ্বৰ মানদণ্ড অনুসৰি বায়ুৰ মান উন্নত হ’লহেঁতেন।
চিকাগো বিশ্ববিদ্যালয়ৰ এনার্জী পলিচি ইনস্টিটিউটৰ ২০২৫ৰ প্রতিবেদনত এইদৰে দাবী কৰা হৈছে। এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৩ বৰ্ষত ভাৰতৰ বায়ুত পিএম ২.৫ৰ ঘনত্ব ২০২২ৰ তুলনাত যথেষ্ট অধিক আছিল।
বর্তমানে যি বায়ু প্রদূষণ হৈছে, এই পৰিস্থিতি বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা মাপতকৈ আঠ গুণ অধিক। যদি বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনা পালন কৰি বায়ু প্ৰদূষণৰ মাত্রা হ্রাস কৰা হয়, তেনেহ’লে ভাৰতীয়ৰ গড় আয়ুস ৩.৫ বছৰ বৃদ্ধি পাব।
ভাৰতৰ জনসংখ্যাৰ ৪৬ শতাংশই এনে অঞ্চলত বসবাস কৰে য’ত বায়ুত পিএম ২.৫ৰ বাৰ্ষিক গড়মাত্রা নির্ধাৰণ কৰাতকৈ যথেষ্ট অধিক। ভাৰতৰ উত্তৰ দিশৰ সমভূমি অঞ্চলৰ বায়ু সবাতোকৈ দূষিত।
দেশৰ কমেও ৩৮.৯ শতাংশ লোকে এই অঞ্চলত বসবাস কৰে। যদি বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা পালন কৰি বায়ু প্ৰদূষণ হ্রাস কৰা হয়, তেন্তে এই অঞ্চলৰ বাসিন্দাৰ গড় আয়ুস পাঁচ বছৰ বৃদ্ধি পাব।
দেশত বায়ু প্রদূষণ প্ৰতিৰোধ সম্ভব হ’লে সবাতোকৈ উপকৃত হ’ব দিল্লীৰ বাসিন্দা। বায়ু প্রদূষণ নিয়ন্ত্রণ কৰিলে দিল্লীৰ বাসিন্দাৰ গড় আয়ুস আঠ বছৰ বৃদ্ধি পাব। বায়ু প্রদূষণ হ্রাস পালে দিল্লীৰ লগতে ৰাজস্থান, মধ্য প্রদেশ আৰু মহাৰাষ্ট্ৰৰ বাসিন্দাৰো গড় আয়ুস বৃদ্ধি পাব বুলি এএপিপিৰ প্রতিবেদনত দাবী কৰা হৈছে।
