Paetongtarn Shinawatra:✒️শত্ৰু দেশৰ নেতাৰ স’তে হোৱা ফোন কল ফাদিল হোৱাৰ পাছতে নিলম্বিত হৈছিল থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক।
সেই গোচৰত এইবাৰ তেওঁক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।এইবাৰ কম্বোডিয়াৰ প্ৰাক্তন ৰাজনৈতিক নেতা হুন চেনৰ স’তে হোৱা ফোন কথোপকথনৰ বাবেই এনে হৈছে।
দাংকৰ পৰ্বতৰ ওপৰত অৱস্থিত প্ৰিয়া বিহাৰ শিৱমন্দিৰ।এই মন্দিৰটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও চিহ্নিত কৰা হৈছে। এই অঞ্চলক লৈ থাইলেণ্ড আৰু কম্বোডিয়াত দশক দশক ধৰি সংঘাত চলি আহিছে।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো দুয়োখন দেশ যুদ্ধত লিপ্ত হৈছিল, যাৰ ফলত দুয়োখন দেশৰ বহু সৈনিক আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল।
এই সংঘাতৰ মাজতে জুন মাহত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাট্ৰা আৰু কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুন সেনৰ মাজত হোৱা ফোন কথোপকথন পোহৰলৈ আহে ।
তাতে সীমা বিবাদক লৈ আলোচনা কৰা শুনা যায়। মন কৰিবলগীয়া যে ২০২৩ চনত হুন চেনে পদত্যাগ কৰিলেও কম্বোডিয়া চৰকাৰে তেওঁৰ পৰামৰ্শ মানি চলি আছে।
পোহৰলৈ অহা ফোন কলটোত শিনাৱাত্ৰাই হুন সেনক খুড়া বুলি সম্বোধন কৰা শুনা যায়।
তেওঁ কয়, ” কিবা সহায়ৰ প্ৰয়োজন হ’লে মোক জনাওক।” প্ৰকাশ পোৱা অডিঅ’টোত আনকি প্ৰধানমন্ত্ৰীয়ে নিজৰ দেশৰ সেনাবাহিনীক সমালোচনা কৰাও শুনা যায়। সেই অডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে বিতৰ্কটো তীব্ৰতৰ হৈ পৰে।
তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দল । গোচৰ ৰুজু কৰা হয়। এই গোচৰত যোৱা জুন মাহত শ্বিনাৱাট্ৰাক নিলম্বন কৰা হয়। এইবাৰ থাইলেণ্ডৰ এখন আদালতৰ নজনীয়া বিচাৰপীঠে প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰে। যাৰ বাবে শ্বিনাৱাট্ৰাক প্ৰধানমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা হয়।
