Birth Centenary Celebration of Former Chief Minister Golap Borbora in Guwahati:
দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণিতে গৃহমন্ত্ৰী গৰাকীয়ে প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৷
সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,ৰনজিৎ কুমাৰ দাস,বিমল বৰা,মুখ্যসচিব ড:ৰবি কোটা ,গোলাপ বৰবৰাৰ সুপুত্ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰুৱা উপস্থিত থাকে ৷
শ্ৰীমন্তশঙ্কৰদেৱৰ এই অনুষ্ঠানত ভাগ লৈ পোনে পোনে ৰাওনা হয় গুৱাহাটী বিমানকোঠলৈ ৷ তাৰ পৰা বিএছএফৰ বিশেষ বিমানেৰে নতুন দিল্লীলৈ উৰা মাৰে ৷ বিমানকোঠত গৃহমন্ত্ৰী গৰাকীক বিদায় দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৷
