Dist Administration:
হকে – বিহকে চান্দা তোলাৰ ক্ষেত্ৰত কঠোৰস্থিতি যোৰহাট জিলা প্ৰশাসনৰ ৷ ইতিমধ্যে প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা জিলাত কোনো জাতীয় সংগঠনে বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব ৷ একেদৰে চান্দাৰ নামত কোনো ব্যক্তি-ব্যৱসায়িক প্রতিষ্ঠানত হাৰাশাস্তি কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে প্ৰশাসন ৷ প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰিলে আইনমতে দণ্ডনীয় হ’ব বুলি সকীয়াই দিয়ে জিলা দণ্ডাধীশ তথা আয়ুক্ত জয় শিৱানীয়ে।
ADVERTISEMENT






























