অশ্লীল আৰু অনুচিত বিষয়বস্তু প্ৰচাৰৰ অভিযোগত পাঁচটা অ’টিটি প্লেটফৰ্মক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় Ministry of Information and Broadcasting এ তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯এ আৰু তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মাধ্যম নীতিশাস্ত্ৰ) নিয়ম, ২০২১-ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰে।
নিষিদ্ধ কৰা প্লেটফৰ্মসমূহ হৈছে— MoodXVIP, Koyal Playpro, Digi Movieplex, Feel আৰু Jugnu। চৰকাৰী সূত্ৰে জনোৱা মতে, উক্ত প্লেটফৰ্মসমূহত অশ্লীল আৰু সামাজিক নৈতিকতাৰ পৰিপন্থী বিষয়বস্তু প্ৰচাৰ কৰা হৈছিল। পূৰ্বে সতর্ক কৰা সত্বেও সন্তোষজনক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
চৰকাৰৰ মতে, অনলাইন মাধ্যমত প্ৰকাশিত বিষয়বস্তুত প্ৰযোজ্য আইন আৰু নীতিমালা মানি চলাটো বাধ্যতামূলক। বিশেষকৈ শিশু আৰু কিশোৰসকলৰ সুৰক্ষা, লগতে জনসাধাৰণৰ নৈতিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত এই বিধানসমূহ কঠোৰভাৱে প্ৰযোজ্য কৰা হ’ব।
উল্লেখযোগ্য যে, ডিজিটেল মাধ্যমত অনুচিত বিষয়বস্তু প্ৰচাৰৰ বিৰুদ্ধে চৰকাৰে ইতিমধ্যে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে।






























