PM Modi Visit Japan:
২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক সম্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে আজি পুৱা দ্বীপ ৰাষ্ট্ৰ জাপানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মোদীক টকিঅ’ বিমানবন্দৰত উষ্ম আদৰণি জনাই জাপানী বিদেশ মন্ত্ৰীয়ে ৷ একেদেৰে একাংশ জাপানী মহিলাই গায়ত্ৰী মন্ত্ৰৰে আদৰে ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকীক ৷
উল্লেখ্য বাণিজ্য আৰু শুল্ক সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিক লৈ ভাৰত-আমেৰিকাৰ সম্পৰ্কত অৱনতি ঘটাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীৰ জাপান ভ্ৰমণে বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰথম দিনাই অনুষ্ঠিত হ’বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক সম্মিলনত জাপানে ভাৰতত বিনিয়োগৰ লক্ষ্য দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে আৰু দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, আৰু বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি একাধিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে চুক্তিৰ চুড়ান্ত খচৰা উন্মোচন কৰাৰ সম্ভাৱনা আছে। টকিঅ’ত জাপানৰ উদ্যোগপতি আৰু ৰাজনৈতিক নেতাসকলকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোডী আৰু জাপানী প্ৰধানমন্ত্ৰী ইছিবাই তীব্ৰবেগী ৰে’লত চেণ্ডাই চহৰলৈ গৈ অৰ্ধপৰিবাহীৰ সুবিধা পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনৰ টিয়ানজিন চহৰলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।