Amit Shah:✒️’দেশৰ স্বাধীনতা আন্দোলন, স্বাধীনতা প্রাপ্তিৰ পাছত গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন আৰু সমাজবাদী মতাদৰ্শৰ সমস্ত ভাল গুণখিনিক উত্তৰ-পূবৰ ৰাজ্য অসমত বাস্তৱত ৰূপায়িত কৰাৰ বাবে প্রয়াত গোলাপ বৰবৰালৈ অন্তঃকৰণৰে হাতযোৰ কৰি শ্রদ্ধা নিবেদন কৰিছো।’
শুকুৰবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকী উদ্যাপন অনুষ্ঠানত ভাষণ দি এইদৰে কয় গৃহমন্ত্রী অমিত শ্বাহে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এটি কলি ‘মানুহে মানুহৰ বাবে, জীবনে জীৱনৰ বাবে’ আওৰাই শ্বাহে কয় যে এই শাৰী বাক্যক জীৱন কালত বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰিছিল প্রয়াত বৰাই। সমস্ত জীৱন শোষিত আৰু বঞ্চিতৰ কণ্ঠ হৈ, সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি, স্বেচ্ছাচাৰিতা আৰু দুর্নীতিৰ বিৰুদ্ধে ধ্বজা উৰুৱাই আৰু অসমৰ স্বকীয় পৰিচয়ৰ লগে লগে অসমৰ বুকুত থকা ভাৰতৰ আত্মাক জাগ্ৰত কৰাৰ কাম কৰিছিল বৰবৰাই।
তেওঁ কয়, ‘১৯৭৮ত যেতিয়া তেওঁ অসমৰ প্ৰথমজন অকংগ্রেছী মুখ্যমন্ত্রীরূপে অধিষ্ঠিত হয় আৰু ই আছিল অসমৰ ৰাজনৈতিক পৰিৱৰ্তনৰ এক বৃহৎ আৰম্ভণি। স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত বহু ভুল কৰাৰ পাছতো ৭৮লৈ ইয়াত কোনো অকংগ্রেছী মুখ্যমন্ত্রী হোৱা নাছিল।প্ৰথমবাৰৰ বাবে অকংগ্রেছী মুখ্যমন্ত্ৰী বৰবৰাই স্বল্পকালীন, মাত্র ১৭ মাহৰ কাৰ্যকালত এক চিৰস্মৰণীয় ছবি অসমৰ সমাজ জীৱনত অংকন কৰি গ’ল। ১৯৬৫ত তেওঁ সংযুক্ত ছ’চিয়েলিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় মহাসচিবৰূপে নির্বাচিত হয়। ১৯৭৪ত তেওঁ ঐতিহাসিক ৰেল ধর্মঘটত শ্রমিকৰ নেতৃত্ব দিয়ে আৰু জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী মানসিকতাৰ দেশজুৰি বিৰোধ কৰা হৈছিল আৰু তেতিয়া তেওঁ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত যি আন্দোলন হৈছিল তেওঁ অসমত তাৰ কণ্ঠ হৈ পৰে।’
তেওঁ কয় যে বৰবৰাই মাত্ৰ এটা ভোটৰ ব্যৱধানত ৰাজ্যসভালৈ নির্বাচিত হৈছিল আৰু এই নির্ণায়ক ভোট দিছিল নির্দলীয় ভূপেন হাজৰিকাই।
প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধীক চোকা সমালোচনা কৰি শ্বাহে কয়, ‘যেতিয়াৰে পৰা ইন্দিৰা গান্ধী দেশৰ নেতৃত্ব ল’লে তেতিয়াৰে পৰা নিজ পৰিয়ালৰ বাহিৰে আন কোনো লোকৰে বলিদানে দেশত কোনো মঞ্চ অথবা সম্মান লাভ কৰা নাছিল। ইন্দিৰা গান্ধী প্রধানমন্ত্রী হোৱাৰ পাছত দেশত যিমানবোৰ আঁচনি আৰম্ভ কৰা হ’ল, স্মাৰক নিৰ্মাণ কৰা হ’ল আৰু শতবার্ষিকী উদ্যাপন কৰা হ’ল সেয়া জৱাহৰলাল নেহৰু অথবা ইন্দিৰা গান্ধীৰ নিজৰ নামতে কৰা উচিত। পৰৱৰ্তী পৰ্যায়ত ৰাজীৱ গান্ধীৰ নাম অন্তর্ভুক্ত হৈছিল। দুই-এঠাইত সঞ্জয় গান্ধীৰ নামো ব্যৱহাৰ কৰা হৈছে। বহু সংস্কৃতিৰ সমাৱেশ ঘটা এই বিশাল দেশত বিভিন্ন স্থানত বিভিন্নজনে দেশক আগুৱাই নিবলৈ, নতুন উচ্চতা দিবলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল যদিও এইসকল লোকক কোনো মঞ্চ অথবা সম্মান দিয়া হোৱা নাছিল।’
ইন্দিৰা গান্ধীয়েও কেৱল নিজস্ব দল আৰু মতাদর্শকে সম্মান জনাইছিল বুলি সমালোচনা কৰি শ্বাহে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্মাৰক নিৰ্মাণ নকৰা পর্যন্ত তেওঁৰ অৱদানক সম্পূর্ণৰূপে পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়া হৈছিল।
তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে দিল্লীৰ কৰ্তব্য পথত সুভাষ বসুৰ প্রতিমূর্তি স্থাপন নকৰা পর্যন্ত তেওঁৰ দৰে মহান নেতাক দিল্লীৰ অলিয়ে গলিয়ে কোনেও সম্মানজনক স্থান দিয়া নাছিল। কংগ্রেছ শাসনত নথকা অৱস্থাত প্রয়াত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিয়া হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে নিজ দলৰ হোৱাৰ পাছতো কংগ্রেছে সন্মান প্রদর্শন কৰা নাছিল।
তেওঁ কয়, ‘গোলাপ বৰবৰাৰ আমাৰ দলৰ স’তে কোনো মতাদর্শগত সম্পর্ক নাই। তেওঁৰ সম্পূৰ্ণ জীৱন সমাজবাদী চিন্তাধাৰাৰ গণ্ডিতে আৰু সমাজবাদী মতাদৰ্শৰ আধাৰতে অতিবাহিত কৰিছিল। তেওঁ ৰাম মনোহৰ লোহিয়া, জয়প্রকাশ নাৰায়ণ, বিনোৱা ভাৱেৰ অনুগামী আছিল। ভাৰতীয় জনসংঘ অথবা ভাৰতীয় জনতা পাৰ্টিৰ মতাদৰ্শৰ স’তে তেওঁৰ কোনো সংযোগ নাছিল। সেইবাবেই অসমৰ ভৱিষ্যৎ প্রজন্মৰ বৰবৰাৰ জীৱনৰ মহানতাৰ বিষয়ে জনাৰ অধিকাৰ নাই নেকি? অসমৰ বিকাশত তেওঁৰ অৱদান, ৰাজনৈতিক ক্ষেত্রত নৈতিক প্রমূল্যবোধৰ উত্থানৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বিষয়ে জনাৰ অধিকাৰ নাই নেকি?’
শোষিত-বঞ্চিত দৰিদ্ৰ জনগণৰ কণ্ঠ হৈ সমগ্র দেশৰ দিকদৰ্শন কৰোৱা বৰবৰাৰ অৱদানক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিব লাগে নেকি বুলিও প্রশ্ন কৰে শ্বাহে। সামাজিক জীবনত দলীয় মতাদৰ্শৰ উর্ধ্বলে গৈ যিসকলে অৱদান আগবঢ়াইছে তেওঁলোকৰ বিষয়ে নতুন প্রজন্মক অৱগত কৰাব লাগিব বুলি শ্বাহে কয়।
শ্বাহে কয়, ‘বৰবৰাৰ অন্তৰাত্মাত দেশভক্তি, সমাজবাদ আৰু দৰিদ্ৰৰ প্ৰতি সংবেদনশীলতা যি গুণ আছিল সেয়া এনেই অহা নাই। তেওঁৰ ককাক মায়াৰামে ১৮৫৭ৰ প্ৰথম স্বাধীনতা সংগ্রামত মণিৰাম দেৱানৰ সহযোদ্ধা আছিল। তেওঁৰ পিতৃ কমল বৰবৰাই ১৯৩৯ত শ্রমিকৰ বাবে মালিকৰ বিৰুদ্ধে অসমৰ প্ৰথমটো ঔদ্যোগিক ধর্মঘটৰ নেতৃত্ব দিছিল। তৃতীয় প্ৰজন্মৰ গোলাপ বৰবৰাই সমগ্ৰ জীৱন সমাজবাদী আদৰ্শৰে অতিবাহিত কৰি অসম আৰু দেশৰে শ্রমিক, গৰিৱ, বঞ্চিত, অৱহেলিতসকলৰ জীৱনৰ উন্নয়নৰ বাবে কাম কৰিছিল। ১৯৫০ৰ পৰা ১৯৬০লৈ গোলাপ বৰবৰা অসমৰ সমাজবাদী আন্দোলনৰ মূল মুখ হৈ পৰিছিল। তেওঁ কৈছিল যে উত্তৰ-পূব ভাৰত দেশৰ বাহিৰৰ নহয়, দেশৰ হৃদয়ৰ এক অংগাংগী অংগ।’
শাহে কয় যে চমু কাৰ্যকালত অসমৰ মুখ্যমন্ত্ৰীৰূপে প্রয়াত বৰবৰাই যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰিছিল। দশম শ্রেণীলৈ বিনামূলীয়া শিক্ষাদানৰ উপৰি দুশতকৈ অধিক শিক্ষানুষ্ঠান এটা বছৰতে নিৰ্মাণ কৰিছিল। ১০ বিঘা পর্যন্ত ভূমিৰ অধিকাৰী কৃষকৰ ভূমি কৰ সম্পূৰ্ণৰূপে বেহাই দিছিল মুখ্যমন্ত্রী প্রাক্তন বৰবৰাই।
আনহাতে, বৰবৰাই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি পোষণ কৰি কৈছিল যে দেশত এজনো বিদেশী থাকিব নোৱাৰিব। তেওঁ অসমত প্রথমে ভোটাৰ তালিকা সংশোধনৰ জৰিয়তে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাইজক জাগ্রত কৰিছে। তেওঁৰ মুখ্যমন্ত্রিত্বতে ভোটাৰ তালিকাৰ পুনৰীক্ষণ সম্পন্ন কৰা হৈছিল আৰু ৩৬,৭৮০ জন অনুপ্রৱেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছিল। এই ভোটাৰ তালিকা সংশোধনতে অসম আন্দোলনৰ বীজ আছে বুলি কয় শ্বাহে।
তেওঁ কয়, ‘আজি যেতিয়া দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন কৰি আছে আৰু বিশেষ বিতং নিৰীক্ষণৰ দিশত কাম কৰি আছে তেতিয়া একাংশ ৰাজনৈতিক দলে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিবলৈ সমদল উলিয়াইছে। ভোট বেংক সুৰক্ষিত কৰাত উঠি-পৰি লাগিছে।
ইপিনে, এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অসমৰ প্ৰথম অকংগ্রেছী মুখ্যমন্ত্রী হিচাপে বৰবৰাৰ উত্থানে অসমৰ ৰাজনীতিত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল। পৰিয়ালৰ পৰা উত্তৰাধিকাৰী সূত্রে লাভ কৰিছিল জাতীয়তাবাদী চেতনা আৰু শ্রমিকৰ অধিকাৰৰ প্ৰতি দায়বদ্ধ মনোভাব। অন্যায়ৰ বিৰুদ্ধে এক আপোচবিহীন সত্তা আছিল প্রয়াত বৰবৰা। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত গোলাপ বৰবৰাক ডিব্ৰুগড় জিলা আৰক্ষী থানাৰ লকআপত কদর্যময় পৰিৱেশত ৰখা হৈছিল বুলি মুখ্যমন্ত্রীয়ে কয়। উল্লেখ্য যে আজি অনুষ্ঠানতে বৰবৰাৰ ওপৰত ৰচিত এখন গ্রন্থ উন্মোচন কৰা হয়।
