Nagaon:✒️নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত একাংশ কৰ্মচাৰীৰ পৃষ্ঠপোষকতাতে অব্যাহত আছে ড্রাগছ, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা। এই নিষিদ্ধ ড্ৰাগছ আৰু ভাঙৰ গ্ৰাহক হৈছে একাংশ কাৰাবন্দী।
তদুপৰি নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কৰ্তৃপক্ষই নীতিবহির্ভূতভাৱে চলাই আছে তিনিখনকৈ কেন্টিন। য’ত উপলব্ধ হয় মাছ, মাংস, এনার্জী ক’ল ড্রিংকছ (শীতল পানীয়)।কয়দীসকলক সাক্ষাৎ কৰিবলৈ অহা পৰিয়ালৰ লোকে কাৰাগাৰৰ কৰ্মচাৰীৰ জৰিয়তে ধন যোগান ধবে। সেই ধনবেই কাৰাগাৰৰ ভিতৰত থকা কেন্টিনৰ মাছ-মাংস, শীতল পানীয় খাই ভোগ-বিলাসিতাৰ জীৱন অতিবাহিত কৰিছে একাংশ কয়দীয়ে।
কালি জিলা প্রশাসন আৰু আৰক্ষীৰ এটা দলে আকস্মিকভাবে নগাঁও কেন্দ্রীয় কাৰাগাৰ পৰিদৰ্শন কৰাৰ সময়ত এই তথ্য পোহৰলৈ আহে দলটোরে কাৰাগাৰৰ ভিতৰত ড্রাগছৰ বেহা প্রত্যক্ষ কৰাৰ লগতে কিছু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। তদুপৰি কাৰাগাৰৰ ভিতৰত তিনিখনকৈ মাছ-মাংস, শীতল পানীয়ৰ কেন্টিন প্রত্যক্ষ কৰি তেওঁলোকৰ চকু কপালত উঠে এতিয়া প্রশ্ন হ’ল যে কাৰ সেউজ সংকেতত এইদৰে কাৰাগাৰৰ ভিতৰত অবৈধ বেহা অব্যাহত আছিল।
এই সন্দৰ্ভত নগাঁৱৰ জিলা আযুক্তই কয়, ‘নগাঁও কেন্দ্রীয় কাৰাগাৰৰ ভিতৰলৈ কাৰাগাৰৰ মানুহেই বাহিৰৰ পৰা ড্ৰাগছ লৈ আহে। কাৰাগাৰৰ পটংগীয়া আৰু হাজৰিকা উপাধিধাৰী দুজন লোকে এই ড্রাগছ সৰবৰাহ কৰি আনি চালিমুদ্দিন নামৰ এজনৰ হাতত দিয়ে। কাৰাগাৰৰ ভিতৰত টকা দিলেই ড্রাগছ, ভাং আদি পায়।’
নগাঁও কেন্দ্রীয় কাৰাগাৰৰ কয়দীসকলক সাক্ষাৎ কৰিবলৈ আহি তেওঁলোকৰ আত্মীয়ই কাৰাগাৰৰ কৰ্মচাৰীৰ জৰিয়তে ধন যোগান ধৰাৰ নামতো আন এক অনিয়ম সংঘটিত হৈ থকা বুলি উল্লেখ কৰি জিলা আযুক্তজনে কয়, ‘ইয়াত থকা কয়দীসকলক লগ কৰিবলৈ অহা মানুহক একোখনকৈ শ্লিপ দিয়ে। জেলৰ কৰ্মচাৰীৰ জৰিয়তে ধন যোগান ধৰে কোনো কয়দীক এহেজাৰ টকা দিলে তাব পৰা পাঁচশ টকা জেলৰ কৰ্মচাৰীয়ে নিজে বাখি পাঁচশ টকাহে দিয়ে। জেলব ভিতৰত তিনিখনকৈ কেন্টিন চলাই থকা হৈছে। সেই কেন্টিনত মাছ, মাংস, ক’ল ড্রিংকহ পায়। এনার্জি ড্রিংকছ পর্যন্ত পায়। এনার্জি ড্রিংকছৰ শ শ বটল আমি পাইছো। ভাং খোৱাৰ পাছত এই স্ট্রিং নামৰ এনার্জি ড্রিংকছ খায়। কাৰাগাৰখনত এক বিলাসী কাৰবাৰ চলি আছে। কাৰাগাৰখনৰ অধীক্ষকক সোধাত তেওঁ কাৰাগাৰখন চলাবলৈ পইচা লাগে বুলি কৈ তেওঁ চৰকাৰৰ বিপক্ষে কথা কৈছে। ”
কাৰাগাৰখনত এনে নিকৃষ্ট কাম চলি থকাৰ কথা উল্লেখ কৰি আয়ুক্তজনে কয় যে এই সন্দর্ভত গৃহ সচিব আৰু কাৰাগাৰ মহাপৰিদৰ্শকক অৱগত কৰা হৈছে।
তেওঁ কয়, ‘জেলখনৰ ভিতৰত নিকৃষ্ট কাণ্ড চলি আছে। জেলৰ ভিতৰত ভোগ বিলাসিতাৰ জীবন নচলিব।’ তদুপৰি কাৰাগাৰৰ অধীক্ষক আৰু জেইলাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে গৃহ বিভাগলৈ পত্র প্রেৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অধীক্ষক আৰু জেইলাৰৰ চকুৰ সম্মুখতে এই কাম চলি আছে। আন এক অভিযোগ অনুসৰি, কাৰাগাৰখনাত কয়দীক চাবলৈ অহা পৰিয়ালৰ লোকৰ পৰাও ধন সংগ্ৰহ কৰে কাৰাগাৰখনৰ কৰ্মচাৰীয়ে।






























