Brutal murder in Nalbari:
নলবাৰীৰ মহখলিত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি যায় নলবাৰী। পত্নীৰ সন্মুখতে স্বামীক হাত- ভৰি বান্ধি ডিঙি চেপি হত্যা কৰিলে ডকাইতৰ দলে ।
শুকুৰবাৰে নিশা প্ৰায় ৯.৩০বজাত বেলশৰ থানাৰ অন্তৰ্গত মহখলিৰ প্ৰমোদ বৰ্মনৰ ঘৰত তিনিজনীয়া ডকাইতে প্ৰৱেশ কৰি প্ৰায় আধা ঘন্টা সময়ধৰি চলাই লুটপাত৷ ইয়াৰ পিছতে ঘৰত থকা বৃদ্ধ দম্পতীহালক ৰচীৰে বান্ধি প্ৰমোদ বৰ্মনক ডিঙিত গামোচাৰে মেৰিয়াই থেকেচি থেকেচি হত্যা কৰে৷
দুয়োৱে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ সময়তে তিনিজনীয়া ডকাইতে ঘৰত প্ৰৱেশ কৰি এই লোমহৰ্ষক কাণ্ড সংঘটিত কৰে ৷
ডকাইতৰ হাতত কৰুণ মৃত্যু ঘটা প্ৰমোদ বৰ্মন নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী আছিল ৷ আনহাতে ঘটনাৰ পিছতে নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইপিনে আৰক্ষীয়ে হত্যাকাৰী ডকাইতৰ দলটোৰ সন্ধানত নিশাৰে পৰা আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । স্থানীয় ৰাইজে হত্যাকাৰী ডকাইতৰ দলটোক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায় ৷






























