Himanta Viswa Sarma:
ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুণৰ ঋণ ল’বলৈ আগবাঢ়িছে ৷২ ছেপ্তেম্বৰত ৮০০ কোটিৰ ঋণ ল’ব চৰকাৰে ৷ ঋণৰ বাবে যাবতীয় প্ৰস্তাৱ ইতিমধ্যে ৰাজ্য চৰকাৰে দাখিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকত ৷
ADVERTISEMENT
উল্লেখ্য যে, ৰাজ্য চৰকাৰে আগন্তুক দহ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত ৰাখি ঋণ লোৱাৰ বাবে সাজু হৈছে ৷
মনকৰিবলগীয়া যে ,ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ জুলাই মাহত ১৪০০ কোটি আৰু আগষ্ট মাহত ১৩৫০ কোটি টকাৰ ঋণ লৈছিল। ছেপ্তেম্বৰ মাহৰ প্ৰথমটো সপ্তাহতে পুণৰ ঋণ লোৱাৰ পিছত হয়তো চলিত মাহটোত আৰু কে’বা শ কোটি ঋণ লোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে সচেতন মহলে ৷






























