Jammu and Kashmir:✒️জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সাফল্য। বৃহৎ আক্ৰমণৰ পূৰ্বে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল দুই সশস্ত্ৰ উগ্ৰপন্থী। তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে AK-47 ৰাইফল, গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ।
দেওবাৰে পুঞ্চৰ মাণ্ডী ছেক্টৰত চলোৱা হয় এই অভিযান। আৰু কেবাজনো উগ্ৰপন্থীয়ে অঞ্চলটোত আত্মগোপন কৰি আছে বুলি নিৰাপত্তাৰক্ষীয়ে সন্দেহ কৰিছে।আৰম্ভ কৰা হৈছে তালাচী অভিযান।
পুঞ্চ আৰক্ষীয়ে জনোৱা মতে, মাণ্ডী অঞ্চলত সন্দেহজনক গতিবিধিৰ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত আজামাবাদ অঞ্চলৰ এটা ঘৰৰ পৰা দুটা এ কে ৪৭ ৰাইফল, বহু সংখ্যক গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ উদ্ধাৰ কৰে।
ইয়াৰ পাছতে আৰক্ষীয়ে ঘৰৰ মালিক তাৰিক শ্বেখ আৰু তেওঁৰ সংগী চাম্বে গাঁৱৰ বাসিন্দা ৰিয়াজ আহমেদক গ্ৰেপ্তাৰ কৰে। দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰা কৰি জলিয়া গাঁৱৰ এটা ভাড়াঘৰত তালাচী চলোৱা হয়। তাৰ পৰাই আৰক্ষীয়ে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে।
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে দুয়োৰে পোনপটীয়াকৈ এটা সন্ত্ৰাসবাদী সংগঠনৰ সম্পৰ্ক আছে। পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ সুৰক্ষাত জম্মু-কাশ্মীৰত নিৰাপদ আশ্ৰয়স্থল স্থাপন কৰিছিল। অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ স’তে তেওঁলোকৰ কোনো সম্পৰ্ক আছে নেকি সেই বিষয়েও তদন্তৰ চেষ্টা চলাইছে আৰক্ষীয়ে।
