Jagdeep Dhankhar:✒️পাঁচ বছৰীয়া উপ-ৰাষ্ট্ৰপতি কার্যকাল সমাপ্ত নৌহওতে যোৱা ২১ জুলাইত আকস্মিকভাৱে পদত্যাগ কৰা জগদীপ ধনখড়ে বিধায়কৰ পেন্সন বিচাৰি ৰাজস্থান বিধানসভাৰ দ্বাৰস্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে ১৯৯৩ৰ পৰা ১৯৯৮লৈ ধনখড়ে ৰাজস্থানৰ আজমেৰ জিলাৰ কিষাণগড় বিধানসভা সমষ্টিৰ বিধায়কৰূপে কার্যনির্বাহ কৰে। তেতিয়া তেওঁ কংগ্রেছত আছিল। এই বিধায়ক কালৰে পেন্সন বিচাৰি তেওঁ ৰাজস্থান বিধানসভাৰ দ্বাৰস্থ হৈছে।
এই কথা প্ৰকাশ কৰি ৰাজস্থান বিধানসভাৰ অধ্যক্ষ বাসুদেৱ দেৱনানিয়ে সংবাদ মাধ্যমক জনায় যে ধনখড়ৰ আবেদনৰ ভিত্তিত ইতিমধ্যে বিধানসভা সচিবালয়ে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে।
এই প্রক্রিয়া শেষ হ’লে ধনখড়ে প্রাক্তন বিধায়কৰ পেন্সন লাভ কৰিব বুলি অধ্যক্ষ দেৱনানিয়ে সদৰী কৰিছে। উল্লেখ্য যে ৰাজস্থানৰ এজন প্রাক্তন বিধায়কে মাহিলি ৩৫ হেজাৰ টকাৰ পেন্সন লাভ কৰে।
অৱশ্যে প্রাক্তন বিধায়কজনৰ বয়স সত্তৰোৰ্দ্ধৰ হ’লে পেন্সনৰ পৰিমাণ ২০ শতাংশ বৃদ্ধি পায়। এই হিচাপত ধনখড়ে মাহিলি ৪২ হেজাৰ টকাৰ পেন্সন লাভ কৰিব। কাৰণ সম্প্রতি তেওঁৰ বয়স ৭৪ বছৰ। আনহাতে, ৮০ৰ ঊর্ধ্বৰ হ’লে ৰাজস্থানৰ এজন বিধায়কৰ পেন্সন ৩০ শতাংশ বৃদ্ধি পায়।
লক্ষ্যণীয় যে ধনখড়ে লোকসভাৰ প্রাক্তন সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে তেওঁ কিয় কংগ্ৰেছী বিধায়কৰ কাৰ্যকালৰ পেন্সন বিচাৰি ৰাজস্থান বিধানসভাৰ দ্বাৰস্থ হৈছে সেয়া স্পষ্ট হোৱা নাই। উল্লেখ্য যে অলপতে বিৰোধী একাংশ নেতাই চর্চা কৰে যে স্বাস্থ্যজনিত কাৰণৰ অজুহাতত আকস্মিকভাৱে পদত্যাগ কৰাৰ পাছৰে পৰা ধনখড়ৰ স’তে কোনেও যোগাযোগ কৰিব পৰা নাই।
তেৱোঁ লোকচক্ষুৰ আঁতৰত অৱস্থান কৰিবলৈ লয়। গতিকে তেওঁ ক’ত আছে তাক লৈও ব্যাপক চর্চা চলি আছে। এনে অৱস্থাতে প্রাক্তন উপ-ৰাষ্ট্ৰপতিজনে বিধায়কৰ কাৰ্যকালৰ পেন্সন বিচাৰি ৰাজস্থান বিধানসভাৰ দ্বাৰস্থ হোৱাটোৱে তেওঁক লৈ বহুতৰ মনত অধিক কৌতূহলৰ সৃষ্টি কৰিছে।






























