পাৰস্পৰিক আস্থা-সম্মান আৰু সংবেদনশীলতাৰ ভিত্তিত চীন-ভাৰতৰ সম্পৰ্ক আগুৱাই-নিয়াৰ পোষকতা

আমাৰ বন্ধুত্ব ২৮০ কোটি মানুহৰ স্বাৰ্থৰ স'তে জড়িত হৈ আছে: মোদী

IMG 20250901 111004

Narendra modi:✒️মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক প্রত্যুত্তৰ দিব পৰাকৈ চীন, ৰাছিয়া আৰু ভাৰতৰ ত্রিঅক্ষ শক্তি গঢ় লৈ উঠিবনে? ট্রাম্পৰ শুল্ক সন্ত্রাসে চীন-ভাৰতক পুৰণি সংঘাত পাহৰাই পৰস্পৰৰ কাষ চপাই অনাৰ সময়ত এই প্রশ্নও উদয় হৈছে।

অৱশ্যে এছিয়াৰ এই দুই দেশৰ স’তে হাত মিলাই বিশ্বৰ অন্যতম বৃহৎ শক্তি ৰাছিয়াই বিশ্বত এক বিকল্প শৃংখলা গঢ়াৰ ইংগিত দিছে। আনহাতে, প্রত্যাশিতভাবে কালি চীনৰ টিয়ানজিনত মিলিত হৈ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে দুয়ো দেশৰ মাজত বন্ধুত্ব গঢ়াৰ পণ লয়।

ট্রাম্পক লক্ষ্য কৰি আলোচনাত মোদী-জিনপিং মিলিত হৈ মৈত্ৰীৰ সুৰত কথা কোৱাৰ সময়ত চীনত উপস্থিত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনো। আজি পুটিনেও ট্রাম্পৰ শুল্ক যুদ্ধক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁৰ মতে ভাৰত-চীন আদি ব্রিকছৰ দেশসমূহৰ ওপৰত মার্কিন প্রশাসনে বলবৎ কৰা শুল্ক বৈষম্যমূলক।এই বৈষম্যৰ বিৰুদ্ধে ৰাছিয়া আৰু চীনে যৌথভাবে যুদ্ধ কৰিব বুলিও কছ ৰাষ্ট্ৰপতিজনে হুংকাৰ দিয়ে।

ইপিনে, কালিৰ পৰা টিয়ানজিন চহৰত দুদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) বৈঠকত অংশগ্রহণৰ উদ্দেশ্যে চীনত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীৰ স’তে চীনা ৰাষ্ট্ৰপতি এক দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এঘণ্টাৰো অধিক সময় ধৰি দুয়োৰে মাজত অনুষ্ঠিত এই আলোচনাৰ দুই মিনিট পাঁচ ছেকেণ্ডৰ এটা ভিডিঅ’ও মোদীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

জিনপিঙৰ স’তে মুখামুখিকৈ বহি কৰা এই আলোচনাৰ জৰিয়তে চীন-ভাৰতৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন হোৱাৰ ইংগিত দি মোদীয়ে কয়, ‘আমাৰ বন্ধুত্ব ভাৰত আৰু চীনৰ ২৮০ কোটি মানুহৰ স্বাৰ্থৰ স’তে জড়িত।’ এই বৈঠক আয়োজনৰ বাবে প্রথমে জিনপিণ্ডক ধন্যবাদ জনাই ভ্ৰমণৰত প্ৰধানমন্ত্ৰীজনে কয়, ‘যোৱা বছৰ আমাৰ মাজত (মোদী-জিনপিং) কাজান (ৰাছিয়া)ত ফলপ্রসূ আলোচনা হৈছিল। এই আলোচনাতে আমাৰ সম্পৰ্কৰ ইতিবাচক এটা দিশ পোৱা গৈছিল। সীমা বিবাদৰ পৰৱৰ্তী সময়ত ভাৰত আৰু চীনৰ মাজত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ তৈয়াৰ হৈছে। কৈলাশ-মানস সৰোবৰ যাত্রা আকৌ আৰম্ভ হৈছে। ‘

উল্লেখ্য যে ২০২০ৰ গলৱানত দুয়োখন দেশৰ সেনাৰ মাজত হোৱা ভয়ংকৰ সংঘাতৰ পাছতে চীন-ভাৰতৰ সম্পৰ্কৰ শোচনীয় অৱনতি ঘটে। একপ্ৰকাৰ পুনৰ শত্ৰুত পৰিণত হয় প্রতিবেশী দেশ দুখন। ইয়াৰ মাজতে যোৱা বছৰৰ অন্তিমফালে ‘ব্রিকছ’ সন্মিলনত ৰাছিয়াত মোদী আৰু জিনপিং মুখামুখি হয়। দুয়োৰে এই আলোচনাৰ জৰিয়তে প্রতিবেশী দেশ দুখনৰ সম্পর্ক কিছু উন্নত হয়। শেহতীয়াভাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে শুল্ক সন্ত্রাস চলাবলৈ আৰম্ভ কৰাত অধিক ওচৰ চাপি আহিছে চীন আৰু ভাৰত।

দেওবাৰে জিনপিঙৰে আলোচনাৰ পাছত মোদীয়ে লগতে কয়, ‘চীন-ভাৰতৰ পাৰস্পৰিক সংহতিৰ ওপৰত ভাৰত আৰু চীনৰ ২৮০ কোটি মানুহৰ স্বাৰ্থ জড়িত হৈ আছে। সমগ্র পৃথিৱীৰ কল্যাণ হ’ব। পাৰস্পৰিক আস্থা, সম্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ এই সম্পর্কক আগুৱাই লৈ যাবলৈ আগ্রহী।’ একেদৰে মোদীক আদৰণি জনাই জিনপিতে প্রধানমন্ত্রী আপোনাক আকৌ দেখা পাই ভাল লাগিছে। এছইঅ’ সম্মিলনলৈ আপোনাক স্বাগতম জনালো। চীন আৰু ভাৰত সকলোতকৈ সভ্য দেশসমূহৰ অন্যতম। আমাৰ দুই দেশ সবাতোকৈ জনবহুল দেশ। আমাৰ দুই দেশ বন্ধু আৰু ভাল প্রতিবেশীৰূপে প্রয়োজন। ড্রেগন আৰু হাতী এক হোৱাৰ প্ৰয়োজন।’ চীন-ভাৰতৰ সম্পৰ্কক লৈ ৰাষ্ট্ৰপতিজনে আৰু কয়, ‘কূটনৈতিক আৰু দীর্ঘম্যাদী দৃষ্টিভংগীৰে আমাৰ সম্পর্কক আগুৱাই নিয়া হ’ব। বহুত্ববাদ, বহুকেন্দ্রিক বিশ্ব আৰু গণতন্ত্রক জাগ্ৰত কৰি আমাৰ শান্তি, সংহতিৰ বাবে একেলগে কাম কৰা হ’ব।’ আনহাতে, মোদীয়ে কয় যে জিনপিঙৰে কাজানৰ আলোচনাৰ পাছত দুয়োখন দেশে সীমান্তত যুযুধান অৱস্থাৰ পৰা সেনাবাহিনী পিছুৱাই অনা পাছৰ পৰা শাস্তি আৰু সুস্থিৰতাৰ পৰিৱেশ গঢ় লৈ উঠে। তেওঁ লগতে চীন-ভাৰতৰ মাজত প্রত্যক্ষ বিমান চলাচল হ’ব বুলিও কয়। উল্লেখ্য যে কৰ’না মহামাৰীৰ সময়ত দুয়োখন দেশৰ মাজত প্রত্যক্ষ বিমান চলাচল বাতিল কৰা হয়। অৱশ্যে দুয়োখন দেশৰ মাজত কেতিয়াৰ পৰা পুনৰ প্ৰত্যক্ষ বিমান চলাচল আৰম্ভ হ’ব। তাৰ তাৰিখ মোদীয়ে উল্লেখ কৰা নাই। তেওঁৰ বক্তব্যত কৈলাশ-মানস সৰোবৰ যাত্রা পুনৰ আৰম্ভ কৰা প্ৰসংগও ঠাই পায়। আজি জিনপিঙৰ আগত মোদীয়ে কয় যে ভাৰতে যোৱা মাহত চীনৰ নাগৰিকৰ বাবে পাঁচ বছৰৰ পাছত পর্যটন ভিছা প্রদান পুনৰ আৰম্ভ কৰিছে। লগতে মোদীয়ে চীন-ভাৰতে ৰণনীতিগত স্বতন্ত্রতা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, ‘দুই দেশৰ সম্পৰ্ক এখন তৃতীয় দেশৰ চশমাৰে চোৱা উচিত নহয়।’ দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বৰ সমস্যা তথা প্রত্যাহ্বানসমূহ যেনে সন্ত্রাসবাদ আৰু বহুপাক্ষিক মঞ্চত নিকা বাণিজ্য আদি ক্ষেত্রত দুই দেশে উমৈহতীয়া লক্ষ্যৰে কাম কৰাটো মোদীয়ে গুৰুত্ব আৰোপ কৰে।

ভাৰত-চীন অংশীদাৰহে, প্রতিদ্বন্দ্বী নহয়

আজি প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে দুই দেশে অংগীকাৰ কৰে যে চীন আৰু ভাৰত অংশীদাৰহে, প্রতিদ্বন্দ্বী নহয়। এই কথা সদৰী কৰি ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে এক বিবৃতিত কয় যে চীন-ভাৰতে দুই দেশৰ মাজত বিভিন্ন বিষয়ত থকা ব্যৱধানক বিবাদত পৰিণত হ’বলৈ নিদিয়াৰ অংগীকাৰ কৰিছে। ‘একবিংশ শতিকা তথা এক বহুমেক বিভক্ত বিশ্ব আৰু বহুমেৰু বিভক্ত এছিয়াৰ সাম্প্রতিক ধাৰাৰ উপযুক্ত হোৱাকৈ দুয়োখন দেশৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্রয়োজনীয় পাৰস্পৰিক সন্মান, পাৰস্পৰিক স্বাৰ্থ আৰু পাৰস্পৰিক সংবেদনশীলতাৰ ভিত্তিত চীন-ভাৰতৰ মাজত আৰু দুই দেশৰ ২৮০ কোটি লোকৰ বাবে এক সুস্থিৰ সম্পৰ্ক আৰু সহযোগিতাৰ প্ৰয়োজন হৈছে।’ বৈদেশিক মন্ত্রণালয়ে বিবৃতিটোত এইদৰে কোৱা হৈছে। দ্বিপাক্ষিক সম্পৰ্কৰ নিৰৱচ্ছিন্ন বিকাশৰ বাবে মোদীয়ে সীমান্ত অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতিৰ গুৰুত্বও উল্লেখ কৰে। দ্বিপাক্ষিক আলোচনা কালত সীমান্ত সমস্যা সমাধানৰ বাবে এক সঠিক, যুক্তিসংগত আৰু পৰস্পৰে গ্ৰহণযোগ্য সমাধান সূত্র উলিওৱাত জিনপিঙেও গুৰুত্ব আৰোপ কৰে।

আনহাতে, আর্থিক আৰু বাণিজ্যিক সম্পর্ক ক্ষেত্রত দুয়ো দেশে বিশ্বত পালন কৰিবলগীয়া ভূমিকাৰ কথাও আলোচনা কৰে। মোদী-জিনপিং দুয়ো দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কৰ প্ৰসাৰ ঘটোৱাৰ বাবে এক ৰাজনৈতিক আৰু ৰণকৌশলগত দিশৰ পৰা অগ্ৰসৰ হোৱাৰ পোষকতা কৰে বুলি বিবৃতিত উল্লেখ। ইয়াৰ জৰিয়তে দুয়ো বাণিজ্যিক ঘাটি হ্রাস পাব বুলি মতপোষণ কৰে। আজি মোদীয়ে ভাৰতত অনুষ্ঠিত হ’ব লগা ‘ব্রিকছ’ সম্মিলনলৈ জিক আমন্ত্রণো জনায়।

বিকল্প শৃংখলা গঢ়িবলৈ চীন-ভাৰত-ৰাছিয়া সক্ষম হ’বনে?

চীন-ভাৰত পৰস্পৰৰ কাষ চাপি অহাত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে অনুঘটকৰ কাম কৰে বুলি চর্চা হৈছে। লগতে চর্চা হৈছে যে তিনি ‘ব্রিকছ’ ৰাষ্ট্ৰ চীন, ভাৰত আৰু ৰাছিয়াই মার্কিন যুক্তৰাষ্ট্ৰৰ বিকল্পৰূপে বিশ্বত এক সুকীয়া শৃংখলা গঢ় দিয়াৰ লক্ষ্য লৈছে। অৱশ্যে এই লক্ষ্যত উপনীত হ’বলৈ দেশ তিনিখন সক্ষম হ’ব নে নহয় তাক লৈ একাংশ বিশ্লেষক সন্দিহান হৈ আছে। এনে বিশ্লেষকৰ মতে শেহতীয়াভাৱে ট্রাম্পে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাৰ ক্ষোভত ভাৰতীয় সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপ কৰিলেও চীনক কিছু পৰিমাণে ৰেহাই দিছে। অথচ চীনেহে ভাৰততকৈ অধিক খাৰুৱা তেল ৰাছিয়াৰ পৰা আমদানি কৰি আহিছে। চীনক মাত্ৰাধিক শুল্কৰ পৰা ট্রাম্পে ৰেহাই দিয়াৰ কাৰণ ৰূপে চর্চিত হৈছে দেশখনত পোৱা বিৰল ভূগর্ভস্থ ধাতু (ৰেয়াৰ আৰ্থ মেটেল)। প্ৰযুক্তিৰ আত্মাস্বৰূপ এনে ধাতুৰ ক্ষেত্ৰত চীনে বিশ্বতে আধিপত্য বিস্তাৰ কৰি ৰাখিছে। গতিকে চীনৰ পৰা এই ধাতুৰ যোগান অব্যাহত ৰখাৰ স্বাৰ্থত ট্রাম্পে চীনা সামগ্রীক মাত্ৰাধিক শুল্কৰ পৰা বেহাই দিয়াৰ চৰ্চা হৈছে। অর্থাৎ ভাৰত যেনেদৰে ট্রাম্পৰ শুল্কৰ পৰা ক্ষতিগ্রস্ত হৈছে তেনে ক্ষতিৰ সম্মুখীন চীন হোৱা নাই। গতিকে চীনৰ স’তে মার্কিন প্রশাসনৰ সম্পৰ্ক তুলনামূলকভাবে কিছু উন্নত হৈ আছে। অর্থাৎ এক ধৰণে চীনক হাতত ৰাখিছে ট্রাম্পে। গতিকে বিশ্বত সুকীয়া শৃংখলা গঢ়াত চীনে কিমান আন্তৰিকতাৰে মনোনিৱেশ কৰিব তাক লৈ বহু বিশ্লেষক সন্দিহান হৈ আছে। আনহাতে, দক্ষিণ-পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ প্ৰভাৱ প্ৰতিৰোধত সৌ সিদিনালৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক সক্রিয় সহযোগ আগবঢ়ায়। কাৰণ চীনৰ প্ৰভাৱ ৰোধৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মন্ত্রণালয়ত গঠিত চাৰিদেশীয় ‘কোৱাড’ সংস্থাৰ অন্যতম সদস্য ৰাষ্ট্ৰ হ’ল ভাৰত। সংস্থাটোৰ আন তিনি সদস্য ৰাষ্ট্ৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অস্ট্রেলিয়া। এনেদৰে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত সহযোগীত পৰিণত হোৱাৰ বাবে ভাৰতক লৈ চীন কিমান দূৰ নিশ্চিত হ’ব পাৰিব সেয়া সময়ে নির্ধাৰণ কৰিব। অৱশ্যে ৰাছিয়া-ইউক্রেইন যুদ্ধত ভাৰতে নিৰপেক্ষ স্থিতি ল’লেও ৰাছিয়াৰ পৰা খাৰুৱা তেল অব্যহাত ৰখাত মস্কোৰ স’তে নতুন দিল্লীৰ সম্পৰ্ক উন্নত হৈ আছে। গতিকে পুৰণি মিত্ৰ ৰাছিয়াৰ পৰা ভাৰতে বহু ক্ষেত্ৰত সহযোগিতা লাভ কৰি থকাটো নিশ্চিত বুলি আখ্যা দিব পাৰি। কাৰণ মার্কিন প্রশাসন তথা পশ্চিমৰ বিশ্বই মস্কোৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় অব্যাহত ৰাখিছে।

Exit mobile version