Investment:✒️বিনিয়োগৰ প্ৰতি আজিৰ দিনত কম বেছি পৰিমাণে প্রত্যেকেই সচেতন আৰু আগ্রহী। নিজৰ লগতে পৰিয়ালৰ উন্নত আর্থিক ভৱিষ্যৎ গঢ়ি অৱসৰ গ্ৰহণৰ পাছৰ জীৱনছোৱাত যাতে সচ্ছল জীৱন যাপন কৰিব পাৰে তাৰ বাবে বহুতেই বিনিয়োগৰ পৰিকল্পনা কৰে।
এতিয়াৰ যি ক্রমবর্ধমান মূল্যস্ফীতিৰ পৰিস্থিতি, মধ্যবিত্ত শ্ৰেণীটোৰ বাবে সংসাৰ চলোৱাটো সঁচা অৰ্থত প্রত্যাহানস্বৰূপ হৈ পৰিছে। এনেক্ষেত্রত অতিৰিক্ত আয়ৰ পৰিকল্পনা কৰা বহুতেই বিনিয়োগৰ বিভিন্ন বিকল্প পদ্ধতিসমূহৰ বিষয়ে জানিবলৈ বিচাৰে।
বিনিয়োগৰ বজাৰখনত আঁচনি হৰেক ৰকমৰ আছে যদিও তাৰ ভিতৰত নিশ্চিত ৰিটাৰ্ণৰ গেৰান্টী কোনখন আঁচনিয়ে দিব তাক আগৰে পৰা জানি বুজি লোৱাটো জৰুৰী। এইক্ষেত্ৰত নিৰ্ভৰযোগ্যতাৰ দিশৰ পৰা সকলোতকৈ আগবঢ়া প্রায়ভাগ আঁচনিয়েই ভাৰতীয় জীৱন বীমা নিগম বা এলআইচি নামৰ দেশৰ সৰ্ববৃহৎ বীমা সংস্থাটোৰ। এলআইচিৰ এনে এক বিশ্বাসযোগ্য আঁচনি হৈছে, জীৱন উমংগ পলিচী, য’ত দৈনিক মাত্র ৪৫ টকাকৈ বিনিয়োগ কৰি সুতসহ এক বৃহৎ অংকৰ ধন ৰিটাৰ্ণ হিচাপে লাভ কৰিব পাৰি।
প্রতিদিনে ৪৫ টকা বিনিয়োগ
যদি আপুনি জীৱন উমংগ পলিচীত প্রতিদিনে ৪৫ টকাকৈ বিনিয়োগৰ পলিচী ক্রয় কৰে তেন্তে এমাহত ১,৩৫০ টকা আৰু এবছৰত ১৬,২০০ টকাকৈ প্রিমিয়াম দিব লাগিব। যদি আপুনি একেৰাহে ৩০ বছৰলৈ এই পলিচীৰ গ্ৰাহক হৈ থাকিব পাৰে, তেন্তে মুঠ ৪.৮৬ লাখ টকা আপোনাৰ দ্বাৰা জমা হ’ব। এই পলিচীৰ ম্যাদ পূৰ হোৱাৰ পাছত অৰ্থাৎ ৩০ বছৰৰ অন্তত ৩১ বছৰৰ পৰা ১০০ বছৰলৈ আপুনি বছৰি ৪০ হেজাৰ টকা পর্যন্ত ৰিটাৰ্ণ পাব পাৰিব। অর্থাৎ ২৭লাখতকৈও অধিক টকা ৰিটাৰ্ণ লাভৰ সুবিধা আছে এই আঁচনিত।
বীমা ক’ভাৰেজৰ লগতে আছে সঞ্চয়ৰ সুবিধা
জীৱন উমংগ পলিচী হৈছে এটা এনডাউমেন্ট পলিচী, য’ত বীমা ক’ভাৰেজৰ লগতে সঞ্চয়ৰ সুবিধাও পাব পৰা যায়। ৯০ দিনৰ পৰা ৫৫ বছৰ বয়সৰ যিকোনো ব্যক্তিৰ নামত এই পলিচী ক্ৰয় কৰিব পাৰি। পলিচীখনৰ ম্যাদ বা মেচিউৰিটি পিৰিয়ড সম্পূর্ণ হ’লে প্রতি বছৰে গ্ৰাহকৰ একাউণ্টলৈ নির্দিষ্ট ধন আহে। আনহাতে, কোনো কাৰণত পলিচীধাৰীজনৰ মৃত্যু হ’লে অবিলম্বে তেওঁৰ মনোনীতজনক এককালীন ধন দিয়া হয়। উল্লেখ্য যে জীৱন উমংগ পলিচীৰ স’তে ১০০ বছৰ পৰ্যন্ত ক’ভাৰেজ লাভ কৰিব পাৰে গ্ৰাহকে।






























