Aaranyak Awards Announced:
দেশৰ অগ্ৰণী, গৱেষণা চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইয়াৰ ৩৫ তম বাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ অংশহিচাপে আগবঢ়োৱা “তৃণমূল সংৰক্ষণ বঁটা ২০২৫” প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে ।
গাইগুটীয়া আৰু গোট ৷ এই দুটা শিতানত প্ৰদান কৰিবলগা বঁটাৰ বাবে বাছনি কৰাসকলৰ নাম বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰে গঠিত এখন পাঁচজনীয়া জুৰীয়ে চূড়ান্ত কৰিছে বুলি আৰণ্যকৰ “তৃণমূল সংৰক্ষণ বঁটা” উপ- সমিটিৰ আহ্বায়ক, জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী তথা সংস্থাটোৰ সহকাৰী সঞ্চালক ড: দীপাংকৰ লহকৰে জনাইছে ।
দুয়োটা শিতানৰ বিজয়ীসকলক নগদ ধন আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হ’ব আৰু জুৰীয়ে “বিশেষ উল্লেখ” হিচাপে বাছনি কৰাসকলক অহা ৯ ছেপ্টেম্বৰত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ।
গাইগুটীয়া শিতানৰ বঁটা ৷ কামৰূপ (মহনগৰ) জিলাৰ লখন টেৰণলৈ প্ৰয়াত মেহেৰুণ নেছা সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আগবঢ়োৱা হৈছে । নলবাৰী জিলাৰ ধ্ৰুৱজ্যোতি কলিতাক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে । কামৰূপ (মহনগৰ) জিলাৰ অৰূপ শাণ্ডিল্যলৈ প্ৰয়াত অনন্ত বৰা সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আগবঢ়োৱা হৈছে ।
তিনিচুকীয়া জিলাৰ মৃদুপৱন ফুকন আৰু কামৰূপ (মহানগৰ)জিলাৰ প্ৰমোদ কলিতাক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে । বাকসা জিলাৰ প্ৰাঞ্জল তালুকদাৰ আৰু কোকৰাঝাৰ জিলাৰ টুনু বসুমতাৰীলৈ যুটীয়াভাৱে প্ৰয়াত ছেলিনা চুলতানা সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আগবঢ়োৱা হৈছে ।
নলবাৰী জিলাৰ ৰাজেশ দত্ত বৰুৱা আৰু কামৰূপ (মহানগৰ)জিলাৰ পৰিনীতা সিঙক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে ।
গোট শিতানৰ বঁটা ৷ নগালেণ্ডৰ খনমা প্ৰকৃতি সংৰক্ষণ আৰু ট্ৰাগোপন অভয়াৰণ্য (KNCTS)লৈ প্ৰয়াত বিপুল দাস সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আগবঢ়োৱা হৈছে । ওদালগুৰি জিলাৰ ধনশিৰি চিকাৰীডাঙা যুটীয়া বন ব্যৱস্থাপনা সমিতি (জে এফ এম চি) আৰু কামৰূপ (মহানগৰ) জিলাৰ “কুম্ভী কাগজ”ক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে ।
এই বঁটাৰ জুৰী সদস্যসকল আছিল ক্ৰমে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড: জয়দীপ বৰুৱা; অসম চৰকাৰৰ প্ৰাক্তন বন সংৰক্ষক নাৰায়ণ মহন্ত; প্ৰখ্যাত সাংবাদিক প্ৰণয় বৰদলৈ; প্ৰখ্যাত সংৰক্ষণ বিজ্ঞানী আৰু আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক ড: বিভৱ কুমাৰ তালুকদাৰ আৰু আন এগৰাকী যশস্বী সংৰক্ষণ বিজ্ঞানী আৰু আৰণ্যকৰ অন্যতম সঞ্চালক ড: এম ফিৰোজ আহমেদ ।
ADVERTISEMENT






























