Golokganj:জামাত-ঈ-ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত শিক্ষকক গ্ৰেপ্তাৰ,গোলোকগঞ্জৰ কাজিগাঁৱৰ পৰা গ্ৰেপ্তাৰ আলীক

WhatsApp Image 2025 09 01 at 12.25.24 PM

Golokganj:

গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষীমাৰী গাঁৱত জেহাদী কাৰ্যকলাপত জড়িতৰ অভিযোগত পুনৰ এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ। আটকাধীন শিক্ষক জন লক্ষীমাৰী এম ই স্কুলৰ সহ শিক্ষক হজৰত আলী।এঘাৰ আগষ্টৰ পৰা ইয়াক লৈ অঞ্চলটোত গ্ৰেপ্তাৰ হল চাৰিজন কৈ সন্দেহজনক জেহাদী। এঘাৰ আগষ্টত গোলকগঞ্জ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় লক্ষীমাৰী তৃতীয় খণ্ড গাঁৱৰ ইমান হুছেইন। তেওঁৰ ঘৰত উদ্ধাৰ হয় জেহাদী সংগঠন জামাত ই ইছলামীৰ নথি-পত্ৰ সহ কিছু আপত্তিজনক সামগ্ৰী।
ইয়াৰ পিছতে সীমান্ত অঞ্চলত বিভিন্ন হিন্দু নেতাৰ মোবাইলত বাংলাদেশৰ ম’বাইল নম্বৰৰ পৰা আহে ভাবুকিপূৰ্ণ ভয়েচ মেচেজ। জামাত ই ইছলামীৰ সদস্যক আটক কৰাত আৰক্ষীক সহায় কৰিলে দিয়া হয় ঘৰ বাৰী জ্বলাই দিয়াৰ ভাবুকি।বিএছএফৰ চোৰাংচোৱাৰ তৎপৰতাত আৰক্ষীয়ে তেইশ আগষ্টত গ্ৰেপ্তাৰ কৰে গাঁও খনৰ আলী হুছেইন বেপাৰী নামৰ কুখ্যাত অপৰাধী জনক।
বেপাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত ছাব্বিছ আগষ্টত গ্ৰেপ্তাৰ কৰা হয় লক্ষীমাৰী এম ই স্কুলৰ শিক্ষক শ্বাহ আলম সৰকাৰক। গ্ৰেপ্তাৰৰ দিনাই পলায়ন কৰে তেওঁৰ সহকৰ্মী শিক্ষক হজৰত আলী। যোৱা নিশা গোলকগঞ্জ আৰক্ষী অভিযান চলাই কোকৰাঝাৰ জিলাৰ কাজীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে শিক্ষক হজৰত আলীক।
Exit mobile version