Nagara Naam Performer Karishma Nath :
বিতৰ্কিত কৰিশ্মা নাথৰ বিৰুদ্ধে কলাগুৰু বিঞ্চুৰাভা স্মৃতি ন্যাসৰ এজাহাৰ দাখিল ৷ তেজপুৰ সদৰ থানাত আজি ন্যাসৰ কেবাজনো বিষয়ববীয়া সকলৰ লগতে কলাগুৰু পুত্ৰ হেমৰাজ ৰাভাই দাখিল কৰিলে এজাহাৰ ৷
উল্লেখযোগ্য যে,কৰিশ্মা নাথে এক অনুষ্ঠানত অতি বিকৃতভাৱে পৰিৱেশন কৰিছিল কলাগুৰু তথা সৈনিক শিল্পী গৰাকীৰ যুগজয়ী সৃষ্টি পৰজনমৰ শুভ লগনত ৷ কৰিশ্মা নাথে আনকি সুৰ বিকৃতিয়েই নহয় সন্নিবিষ্ট কৰিছিল নিজা শব্দও ৷ ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কলাগুৰু পুত্ৰই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ ইতিমধ্যেই কৰিশ্মা নাথৰ বিৰুদ্ধে তেজপুৰৰ লগতে ৰাজ্যৰ আন জিলাটো পৃথকে দাখিল হৈছে এজাহাৰ ৷
ADVERTISEMENT






























