ভাৰতৰ সবাতোকৈ ধনাঢ্য ধর্মীয় গুৰু কোন? কাৰ কিমান সম্পত্তি?

BABAB

Babaji:ধর্মীয় আৰু আধ্যাত্মিক গুৰুৰ বাবে ভাৰত এখন পৰিচিত দেশ। ভাৰতীয় ধর্মীয় গুকবে কোটি কোটি টকাৰ সম্পত্তি আহৰণৰেও সকলোকে চমক দি আহিছে।

দেশত বর্তমানে এনে কে’বাজনো ধর্মীয় আৰু আধ্যাত্মিক গুৰু আছে, যিসকল ব্যক্তি কে’বা হেজাৰ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী হৈছে।

ভাৰতৰ সবাতোকৈ ধনাঢ্য ধর্মীয় গুৰুৰ অন্যতম হৈছে স্বামী নিত্যানন্দ। তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ হৈছে ১০,০০০ টকাৰ। নিত্যানন্দ ধ্যানপীঠম ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু তেওঁ যোগ, ধ্যান আৰু আধ্যাত্মিক শিক্ষা প্ৰচাৰ কৰি আহিছে।

বিশ্বৰ বিভিন্ন দেশত নিত্যানন্দৰ আশ্রম আছে। নিত্যানন্দই নিজা দ্বীপ ৰাষ্ট্ৰ গঠনৰেও সংবাদ শিৰোনাম দখল কৰিছিল। যোগ গুৰু বাবা ৰামদেৱে পতঞ্জলি আয়ুর্বেদ প্রতিষ্ঠাৰ জৰিয়তে যোগক জনপ্ৰিয় কৰাৰ লগতে এক বৃহৎ বাণিজ্যিক সাম্রাজ্যও স্থাপন কৰিলে পতঞ্জলিৰ মুঠ সম্পত্তিৰ পৰিমাণ প্রায় ১৬০০ কোটি টকা।

কেৰালাৰ মাতা অমৃতানন্দময়ী হৈছে দেশৰ আন এগৰাকী সন্ত মহিলা। অমৃতানন্দময়ী ন্যাসৰ মুৰব্বী হিচাপে তেওঁ নিয়োজিত হৈ আহিছে। এই ন্যাসৰ সম্পত্তিৰ পৰিমাণ ১৫০০ কোটি টকাৰ অধিক।

এই ন্যাসে শিক্ষা, স্বাস্থ্য আৰু সামাজিক কামত জড়িত হৈ আহিছে। ডেৰা সচ্ছা সৌদাৰ প্ৰতিষ্ঠাপক গুৰমীত ৰাম ৰহিম সিং আন এজন ধনাঢ্য ধর্মীয়গুক।

কাৰাদণ্ডপ্রাপ্ত গুৰমীতৰ ডেৰাৰ সম্পত্তিৰ পৰিমাণ ১৪৫৫ কোটি টকা। আনহাতে দেশৰ আন এজন আধ্যাত্মিক গুৰু আৰু সফল ব্যবসায়ী হিচাপে পৰিচিত হৈছে শ্ৰীশ্ৰীৰবিশংকৰ। এইজন আধ্যাত্মিক গুৰুৰ সংস্থাৰ সম্পত্তিৰ মূল্য প্রায় ১,০০০ কোটি টকা। আর্ট অব লিভিং নামৰ সংস্থাৰ বাবে ৰবিশংকৰক বিশেষভাবে জনা যায়।

Exit mobile version