BTC Election:বিটিচি নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰৰ দাখিলৰ অন্তিম দিন

গোসাইগাওঁত বিজেপিৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলক লৈ উৎসৱ মুখৰ পৰিৱেশ

btc election

BTC Election:

বিটিচিৰ ২ নং গুমা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সজল সিংহৰ মনোনয়ন উপলক্ষে বৃহত ৰেলি।সমষ্টিটিৰ কূৰ্শাকাটি বিজেপি কাৰ্য্যালয়ৰ পৰা হাজাৰ হাজাৰ কৰ্মী সমৰ্থকক লৈ বৃহৎ সমদল কৰি গোসাইগাওঁ জিলা নিৰ্বাচনী কাৰ্য্যলয় লৈ যাত্ৰা কৰে।বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখি ৰ আজি অন্তিম দিন।
আজিয়ে সজল সিংহকে ধৰি দলটোৰ চাৰি গৰাকী প্ৰাৰ্থী ক্ৰমে শৰাইবিলৰ পৰা গোসাই বসুমতাৰী ,যমদুৱাৰৰ পৰা ৰাহুল নাৰ্জাৰী,কচুগাওঁ‌ ৰ পৰা মহেশ্বৰ বসুমতাৰীয়ে মনোনয়ন পত্ৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰিব।উক্ত কাৰ্য্যসূচীত কেবিনেট মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব।বিজেপিৰ মনোনয়নক কেন্দ্ৰ কৰি সমগ্ৰ গোসাইগাওঁ অঞ্চলত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।ঢোল বজাই নৃত্য গীতেৰে সমদল কৰি গোসাইগাওঁ সদৰ চহৰৰ পৰা হাব্ৰবিল স্থিত মহকুমাধীপতিৰ কাৰ্য্যলয়লৈ গৈ চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।
Exit mobile version