Fire Incident in Tamarhat :
তামাৰহাটত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই জ্বলাই দিয়ে অপৰাধীৰ ঘৰ। ভস্মীভূত হয় কেবা লাখ টকাৰ সামগ্ৰীৰ লগতে মটৰ চাইকেল আৰু অন্যান্য সামগ্রী।অগ্নি নির্বাপক বাহিনী নিয়ন্ত্ৰণ ৰে জুই। অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি আৰু কোনো লোকে নথকাৰ সুবিধা লৈ এই ঘটনা সংঘটিত কৰে। উক্ত ঘটনাৰ সৈতে অপৰাধী পক্ষ জড়িত থকাৰ সন্দেহ একাংশৰ ।
তামাৰহাট থানাৰ নাটাবাড়ি গাঁৱৰ নিবাসী জয়ধৰ শেখৰ পুত্ৰ তথা শ্বাহা জামাল শেখ এগৰাকী কিশোৰীক বল পূৰ্বক ধর্ষণ কৰে। ফলত কিশোৰী গৰাকী ৭ মহীয়া গৰ্ভৱতী হয়। উক্ত ঘটনা পোহৰ লৈ অহা পিছত ভুক্তভোগীৰ পৰিয়ালে তামাৰহাট থানাত গোচৰ দিয়াৰ পিছত ২৪ঘণ্টাৰ ভিতৰত মূল অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৭ জনক আটক কৰে। আৰক্ষী তদন্ত চলাই থকা সময়ত নিশা অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই সাহা জামাল শেখৰ ঘৰটো অগ্নি সংযোগ কৰে।
আৰক্ষী আৰু স্থানীয় ৰাইজে জুই নিয়ন্ত্ৰণ কৰিব বিচাৰে যদিও সক্ষম নহয়। পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। উল্লেখ যে ধৰ্ষণৰ ঘটনা পোহৰ লৈ অহা পিছত ৫ দিন পূৰ্বে সাহা জামাল পলাই যোৱাৰ উপৰি ঘৰ দুবাৰ তলা মাৰি পৰিয়াল পলাই যায়। ঘটনাটো অন্য ফালে নিবলৈ পূৰ্ব পৰিকল্পিত ভাৱে অপৰাধী পৰিয়ালে অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ADVERTISEMENT






























