Fire in Assam-Arunachal Border:
অসম–অৰুণাচল প্ৰদেশ সীমান্তৰ দহমাইল চিলেত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ ১০ মাইল চিলেত অৱস্থিত এখন ব্ৰইলাৰ ফাৰ্মৰ পিছফালে থকা পেলনীয়া জাবৰৰ সমূহ ফাৰ্মৰ এগৰাকী কৰ্মচাৰীয়ে জ্বলাই দিছিল। কিন্তু সামান্য এই জুইয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই জুইৰ পৰাই তাণ্ডৱলীলা আৰম্ভ হৈ ফাৰ্মৰ পিছফালে থকা বিস্তৃত অঞ্চল জুইৰ লেলিহান শিখাই চাৰিওফালে বিয়পি পৰাৰ পিছতে অঞ্চলটোত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়।
ঘটনাৰ লগে লগে অসম আৰু অৰুণাচল প্ৰদেশৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত লগে লগে ৰাজ্য দুখনৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ কোনোমতে জুই নুমাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, এই ভয়ংকৰ অগ্নিকাণ্ডত ব্ৰইলাৰ ফাৰ্মখনৰ লগতে আশে-পাশে থকা তামোল গছৰ বাৰী আৰু এখন চাহ বাগান অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰে।


































