Ganeshguri Incident:
মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিৰ দিছপুৰ থানাৰ সন্মুখত ভয়ংকৰ ঘটনা। দিনদুপৰতে নিজ স্বামীক ছুৰীৰে আক্ৰমণ কৰিলে পত্নীয়ে ৷ পত্নীৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ পদপথতে বাগৰি পৰা লোকজনক স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰে জিএমচিএইছত ৷ আঘাতপ্ৰাপ্ত লোকজনৰ নাম ধীৰাজ দাস ৷
আনহাতে আত্মৰক্ষাৰ বাবে পত্নীকো আক্ৰমণ কৰাত সামান্যভাৱে আঘাতপ্ৰাপ্ত পত্নীক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয় ৷ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ সন্দেহ পাৰিবাৰিক কন্দলৰ বাবেই এই ছুৰিকাঘাতৰ ঘটনা সংঘটিত হয় ৷
ADVERTISEMENT






























