Ganeshguri Incident:মহানগৰীৰ দিছপুৰ থানাৰ সমীপত ছুৰিকাঘাতৰ ঘটনা

স্বামীক ছুৰীৰে আক্ৰমণ পত্নীৰ ,সংকটজনক অৱস্থাত জিএমচিএইছ ভৰ্তি আঘাতপ্ৰাপ্ত স্বামীক

ganesh new

Ganeshguri Incident:

মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিৰ দিছপুৰ থানাৰ সন্মুখত ভয়ংকৰ ঘটনা। দিনদুপৰতে নিজ স্বামীক ছুৰীৰে আক্ৰমণ কৰিলে পত্নীয়ে ৷ পত্নীৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ পদপথতে বাগৰি পৰা লোকজনক স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰে জিএমচিএইছত ৷ আঘাতপ্ৰাপ্ত লোকজনৰ নাম ধীৰাজ দাস ৷
আনহাতে আত্মৰক্ষাৰ বাবে পত্নীকো আক্ৰমণ কৰাত সামান্যভাৱে আঘাতপ্ৰাপ্ত পত্নীক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয় ৷ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ সন্দেহ পাৰিবাৰিক কন্দলৰ বাবেই এই ছুৰিকাঘাতৰ ঘটনা সংঘটিত হয় ৷
Exit mobile version