GMCH Incident:জিএমচিএইছত নৱজাতকৰ মৃত্যু ঘটনাক লৈ গঠন কৰা তদন্ত কমিটিৰ প্ৰতিবেদন দাখিল

৪ চিকিৎসক সহ সাত চিকিৎসা কৰ্মীক নিলম্বন

gmch

GMCH Incident:

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু আইচিইউত চৰম চিকিৎসক – নাৰ্চৰ চৰম গাফিলতিৰ বাবে কৰুণ মৃত্যুক সাবটি লৈছিল এটি নৱজাতকে ৷ নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত গঠন কৰা হয় তদন্ত কমিটি৷ ইতিমধ্যে তদন্ত কমিটিয়ে বিভাগীয় কৰ্তৃপক্ষক দাখিল পৰা প্ৰতিবেদনমৰ্মে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰি গৰাকী চিকিৎসক সহ সাত গৰাকী চিকিৎসাকৰ্মীক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে অসম চৰকাৰে ৷

তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত৬ মাহৰ বাবে নিলম্বন ডাঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজা দাসক আৰু সাময়িকভাবে নিলম্বিত হোৱা সকল হ’ল আইচিইউৰ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰ,নাৰ্ছ ইনচার্জ গোমতি দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথ I উল্লেখ্য যে ,ঘটনা সংঘটিত পাছদিনাই আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে আটক কৰিছিল এগৰাকী এএনএম নাৰ্ছক।

আনহাতে নিলম্বন কথা সদৰি কৰে জিএমচিএইছৰ সদ্য নিযুক্ত অধীক্ষক দেৱজিত চৌধুৰীয়ে I ইপিনে,নিলম্বনেই নহয়, গ্ৰেপ্তাৰ কৰিব লাগে জিএমচিএইছ কাণ্ডৰ সকলো অভিযুক্তক’। ‘চিকিৎসাৰ বাবে যোৱা দৰিদ্ৰ নিচলা লোকৰ লগত এনে ঘটনাৰ পুনৰাবৃত্তি নহওক বুলি মন্তব্য কৰি সাত অভিযুক্তক নিলম্বন কৰাৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জনালে দুর্ভগীয়া পিতৃ-মাতৃয়ে।

Exit mobile version