HSLC Examination form filling date announced:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

ASS

HSLC Examination form filling date announced:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

আগন্তুক হ’বলগীয়া হাইস্কুল শিক্ষান্ত বর্ষ (২০২৬)ত অনুষ্ঠিত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰে। পৰিষদে জাৰি কৰা এক অধিসূচনা অনুসৰি, পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীৰ পৰা অহা চাৰি অক্টোবৰলৈ অনলাইনত প্ৰপত্ৰ পূৰণ কৰিব পাৰিব।

আনহাতে, অনলাইনত মাচুল জমা দিয়া আৰু চালান সংগ্ৰহৰ অন্তিম দিন হ’ল অহা ১০ অক্টোবৰ। ষ্টেট বেংক অৱ ইণ্ডিয়াত চালানযোগে মাচুল জমা দিয়াৰ অন্তিম দিন হৈছে অহা ১৫ অক্টোবৰ। অধিসূচনাত লগতে উল্লেখ কৰা হৈছে যে প্ৰপত্ৰ পূৰণত যদি কিবা আঁসোৱাহ থাকে, তেন্তে ২০ অক্টোবৰলৈ শুধৰণি কৰিব পাৰিব।

প্ৰপত্ৰ পূৰণৰ সকলো নির্দেশনা sebaregistration.org প’র্টেলত উপলব্ধ হ’ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। জমা দিবলগীয়া মাচুলৰ পৰিমাণো অধিসূচনাখনত নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই অনুসৰি, পৰীক্ষা মাচুল আঠশ টকা, ব্যৱহাৰিক পৰীক্ষাৰ মাচুল ৫০ টকা আৰু কেন্দ্ৰ মাচুল ৩৫০ টকা নির্ধাৰণ কৰা হৈছে।

 

 

Exit mobile version