Merapani:
অসম-নগালেণ্ডৰ মেৰাপানী সীমান্তত শেহতীয়াকৈ যোৱা ২৩ আগষ্টত ভাণ্ডাৰী মহকুমাৰ অন্তৰ্গত ১১ খন ভিলেজ কাউন্সিলে সীমান্তৱৰ্তী অসমীয়া গাঁৱৰ বাসিন্দাৰ প্ৰৱেশ নিষিদ্ধ আৰু ৫০ হেজাৰ টকা জৰিমনা ভৰাৰ যি জাননী পত্র প্ৰেৰণ কৰিছিল উক্ত জাননী পত্র আজি ১১ ভিলেজ কাউন্সিলে সাময়িকভাৱে প্ৰত্যাহাৰ কৰে। উল্লেখ্য যে নগালেণ্ডৰ ১১ ভিলেজ কাউন্সিলে নটা বিষয় সন্নিবিষ্ট কৰি উক্ত জাননীপত্ৰ প্ৰেৰণ কৰাৰ পাছতেই সীমান্তৱর্তী মেৰাপানী অঞ্চলটোত প্রতিক্রিয়া সৃষ্টি হৈছিল আৰু স্থানীয় বিভিন্ন দল-সংগঠনে নগালেণ্ডৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে বিভিন্ন প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
মেৰাপানীৰ দল- সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীত নতশিৰ হৈ অৱশেষত কালি ১১ ভিলেজ কাউন্সিলৰ গাঁওবুঢ়া, চেয়াৰমেন আৰু মেৰাপানী সীমান্তৱৰ্তী মেৰাপানী গাঁওবুঢ়া সন্থাৰ সভাপতি-সম্পাদকৰ লগতে ১৭ গাঁৱৰ গাঁওবুঢ়াৰ উপস্থিতিত মেৰাপানীৰ বালিগুৰিত অনুষ্ঠিত সভাত নগালেণ্ডে এই জাননী সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মন কৰিবলগীয়া কথা যে নগালেণ্ডে জাননী পত্ৰত উল্লিখিত ৫০ হেজাৰ টকা জৰিমনা আৰু আইএলপিৰ বিষয়টো সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰে যদিও বাকী যিসমূহ বিষয় মাছ মৰা, চিকাৰ কৰা, খৰি কটা, গছকটা, ড্রাগছ আৰু মাদক দ্রব্য সেৱন কৰি পৰিৱেশ বিনষ্ট কৰা, গৰু-ছাগলী মেলি শস্য নষ্ট কৰা আদি বিষয়সমূহৰ ওপৰত পূৰ্বৰ নীতিয়েই বলবৎ থাকিব। জৰিমনাৰ ক্ষেত্ৰত ভিলেজ কাউন্সিলে পৰিস্থিতি সাপেক্ষে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।
১১ ভিলেজ কাউন্সিল আৰু মেৰাপানী সীমান্তৱৰ্তী গাঁওবুঢ়াৰ সম্মিলিত সভাৰ সিদ্ধান্তৰ পাছতেই নগালেণ্ডৰ বিৰুদ্ধে বিভিন্ন সংগঠনে অব্যাহত ৰখা সকলো কার্যসূচী আজি সাময়িকভাৱে স্থগিত ৰাখে। নগা ভিলেজ কাউন্সিলৰ প্ৰৱেশ নিষিদ্ধ আৰু ৫০ হেজাৰ টকা জৰিমনা জাননী প্রত্যাহাৰ আৰু অসমৰ বিভিন্ন সংগঠনৰ নগাৰ বিৰুদ্ধে কৰা প্রতিবাদ স্থগিত ৰখাৰ পাছত মেৰাপানীত এক শান্তিময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।






























