Moran AASU :
মৰাণত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়াকৈ UPSC / APSC প্ৰশিক্ষণ শিৱিৰ আছুৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত, ড্ৰিমলেণ্ড আই এ এচৰ পৰিচালনাত আৰু মৰাণ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছে ইউপিএচচি/এপিএচচি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ এক বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ ৷ ১০ দিনীয়া এই প্ৰশিক্ষণ শিৱিৰত চৰাইদেউ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ পাঁচ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷
এই প্ৰশিক্ষণ শিৱিৰত বিভিন্ন বিভাগত কৰ্মৰত দক্ষ প্ৰশাসনিক বিষয়াসকলে প্ৰশিক্ষণ প্ৰদান কৰিব ৷ এই প্ৰশিক্ষণ শিৱিৰৰ আৰম্ভণি অনুষ্ঠানত সোমবাৰে নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাই, আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা, মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তৰুণ গগৈ, মৰাণ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰাণুমণি বৰুৱাকে ধৰি বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷
ADVERTISEMENT






























