আৰ্যভট্টৰ পৰা আইনষ্টাইনলৈ, বিখ্যাত বিজ্ঞানীসকলৰ গৱেষণা এইবাৰ আঞ্চলিক ভাষাত বিশেষ উদ্যোগ গ্রহণ কেন্দ্ৰৰ

ecf7a68e df2a 4ed4 b721 8c37c7dffeb8

Science:✒️আর্যভট্ট, আইনষ্টাইনৰ পৰা আৰম্ভকৰি নিউটনলৈ। সকলো বিশ্ববিখ্যাত বিজ্ঞানীৰ কঠিন থিয়ৰীবোৰ এতিয়াৰ পৰা সাধাৰণ মানুহৰো সহজবোধ্য হ’ব। নানা ভাষা নানা মতৰ দেশ ভাৰতত এইবাৰ বিজ্ঞানক একেবাৰে সহজ কৰি তোলাৰ কাম আৰম্ভ কৰিলে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ে।

প্রধানকৈ ইংৰাজীত প্রকাশিত বিজ্ঞান আৰু প্ৰযুক্তিৰ সকলো গৱেষণাধর্মী গ্রন্থ অনুবাদ কৰাৰ কাম আৰম্ভ কৰাৰ নির্দেশ দিছে শিক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা।

আমাৰ দেশৰ মেঘনাদ সাহা, জগদীশচন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি নিউটন, ষ্টিফেন হকিং প্রভৃতি সকলো বিজ্ঞানীৰ গবেষণাক কেন্দ্ৰ কৰি ৰচনা কৰা গ্রন্থ থাকিব এই তালিকাত।

দেশৰ মুঠ ২২টা স্বীকৃত ভাষালৈ এই গ্ৰন্থবোৰ অনুবাদ কৰা হ’ব। বিজ্ঞান আৰু প্ৰযুক্তিত দেশ-বিদেশৰ সকলো আৱিষ্কাৰৰ ঘটনা আৰু তত্ত্বৰ ব্যাখ্যা দেশৰ মানুহে তেওঁলোকৰ নিজৰ ভাষাত শিকিব পাৰিব।

ইতিমধ্যে এই অনুবাদৰ ক্ষেত্ৰত কি কি ব্যৱহাৰিক কৌশল লোৱা হ’ব তাৰ ওপৰত কৰ্মশালা আৰম্ভ হৈছে। এই কর্মশালাত সেই কৌশল লোৱাৰ ক্ষেত্রত কি কি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, সেয়া বিচাৰি উলিওৱা হ’ব।

ইতিমধ্যে ইংৰাজীত প্রকাশিত পদার্থবিদ্যা, ৰসায়ন, জীৱনবিজ্ঞান আদি বিষয়ৰ গ্ৰন্থৰ অনুবাদৰ কাম আৰম্ভ হৈছে। কেৱল মূল ভাষাৰ অনুবাদেই নহয়, নির্দিষ্ট ক্ষেত্রত আঞ্চলিক বৈচিত্র্য বজাই ৰাখি সৰ্বভাৰতীয় গ্রহণযোগ্যতা অৰ্জনৰ ওপৰতো জোৰ দিয়া হ’ব।

সমগ্র প্রক্রিয়াত উদ্যোগী ভূমিকা লৈছে শিক্ষা মন্ত্রণালয়ৰ ভাৰতীয় ভাষা সমিতিয়ে।

Exit mobile version