Tesla:✒️জুলাইৰ মধ্যভাগত এলন মাস্ক মালিকানাধীন বিশ্বখ্যাত বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠান টেছলাই ভাৰতত প্রথমটো শ্ব’ৰূম মুকলি কৰিছিল।
শ্ব’ৰূম মুকলিৰ কেইসপ্তাহমানৰ ভিতৰতে ভাৰতত টেছলাৰ ৬০০ ৰো অধিক গাড়ীৰ বুকিং সম্পন্ন হ’ল। টেছলাৰ বৈদ্যুতিক গাড়ী ক্ৰয়ৰ বাবে ভাৰতীয় ক্রেতাই বিশেষ আগ্রহ প্রকাশ কৰিছে।
ব্লুমবার্গৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, টেছলাই ছেপ্টেম্বৰৰ আৰম্ভণিতে ছাংঘাইৰ পৰা ভাৰতলৈ ৩৫০-৫০০ খন গাড়ী প্ৰেৰণৰ ব্যৱস্থা কৰিছে। আৰম্ভণিতে মুম্বাই, পুনে, দিল্লী আৰু গুৰুগ্ৰামৰ গ্ৰাহকক টেছলাই গাড়ী যোগান ধৰিব।
বর্তমানে টেছলাই ৱেবছাইটৰ জৰিয়তে কেৱল মুম্বাই, দিল্লী আৰু গুৰুগ্ৰামৰ বাসিন্দাৰ বাবে কোম্পানীটোৰ গাড়ীৰ ডেলিভাৰী আৰু পঞ্জীয়নৰ সুবিধা আগবঢ়াইছে। টেছলাই ভাৰতত কোম্পানীটোৰ ৱাই মডেলৰ গাড়ী বিক্ৰীৰ বাবে আগবঢ়াইছে।
অহা অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কোম্পানীটোৱে ভাৰতত গ্ৰাহকক গাড়ীৰ যোগান ধৰাৰ সম্ভাৱনা আছে। এই মডেলৰ গাড়ীৰ মূল্য প্রায় ৬০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।






























