স্মৃতি মচি পেলোৱা প্ৰযুক্তি উদ্ভাৱন জাপানৰ বিজ্ঞানীৰ

নীলা ৰঙৰ পোহৰ পেলায়ে আঁতৰালে নির্দিষ্ট কোষ

brain4

Japan:✒️প্রায় প্রতিজন ব্যক্তিয়ে জীৱনৰ কেতবোৰ কথা বা স্মৃতি পাহৰি যাবলৈ বিচাৰে। কিন্তু যিমান চেষ্টা কৰিলেও সেয়া সম্ভব নোহোৱাটো সকলোৰে উপলব্ধি কৰে। এনে অনাকাংক্ষিত স্মৃতিৰ পৰা ৰক্ষা পোৱাৰ এটা উপায় শেহতীয়াভাবে উদ্ভাৱন কৰিছে জাপানীৰ একাংশ বিজ্ঞানীয়ে।

টকিঅ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক হাৰুও কাছা আৰু তেওঁৰ সহযোগীসকলে এন্দুৰক লৈ সম্পন্ন কৰা এক পৰীক্ষাত দেখা গৈছে যে অনাকাংক্ষিত স্মৃতি দূৰ কৰিব পাৰি। মূৰত এক বিশেষ নীলা ৰঙৰ পোহৰ পেলাই মস্তিষ্কৰ দুৰ্বল সংযোগ বা আমনিদায়ক স্মৃতি চিৰদিনৰ বাবে আঁতৰ কৰিব পাৰি।

অধ্যাপক কাছা আৰু তেওঁৰ সহযোগীসকলে পৰীক্ষাৰ বাবে বাছনি কৰা এন্দুৰক চালচলনৰ কৌশল শিকায়।ইয়াৰ অংশৰূপে গৱেষকৰ দলটোৱে এন্দুৰক এডাল ঘূর্ণীয়মান দণ্ডত ভাৰসাম্য ৰক্ষা কৰি চালচলনৰ কৌশল শিকায়।

এই কৌশল এন্দুৰে আয়ত্ত কৰাৰ পাছত দেখা যায় যে সংশ্লিষ্ট এন্দুৰৰ মস্তিষ্কত নতুন ধৰণৰ কোষৰ ক্ষুদ্র গঠন দেখা যায়। ইয়াক ডেন্ড্রিটিক স্পাইন বুলি কোৱা হয়। এই স্পাইনসমূহতে মস্তিষ্কত তথ্য বা স্মৃতি সংৰক্ষিত হয়। পাছত পৰৱৰ্তী সময়ত বিজ্ঞানীৰ দলটোৱে এটা বিশেষ অপ্টিকেল প্রব (পিএ বেক১) ব্যৱহাৰ কৰি পোহৰ পেলাই এই নতুন স্পাইনসমূহক আঘাত কৰে।

যেতিয়াই এই অপ্টিকেল প্ৰবৰ পৰা নতুন নতুন স্পাইনসমূহৰ মাজত নীলা লেজাৰ ৰশ্মি পৰে, তেতিয়া দেখা যায় যে সেই স্পাইনসমূহ সৰু হ’বলৈ ধৰি এটা সময়ত অদৃশ্য হয়। ফলত এই বিজ্ঞানীসকলে এন্দুৰবোৰক শিকোৱা চলন-ফুৰণৰ কৌশল পাহৰি পেলায়।

এই পদ্ধতিৰে মানুহৰ মগজুৰ পৰাও স্মৃতি দূৰ কৰিব পৰা হ’ব বুলি বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে। এই সম্পর্কে বিজ্ঞানীসকলে কয় যে ভয়াৱহ স্মৃতি বা ট্ৰমাৰ পৰা মানুহক নিষ্কৃতি দিব পৰা ব্যৱস্থা উদ্ভাৱন হোৱাৰ সম্ভাৱনা প্রবল হৈছে।

অৱশ্যে বৰ্তমানলৈ এই কাৰ্য পৰীক্ষণীয় অৱস্থাতে আছে। এই ক্ষেত্রত নৈতিক দিশটোও বিজ্ঞানীসকলে চাবলৈ বাকী আছে। তৎসত্ত্বেও জাপানী বিজ্ঞানীসকলৰ এই পৰীক্ষাই পোহৰলৈ আহিলে কেনেদৰে স্মৃতি সংৰক্ষিত বা জমা হয়। এই তথ্যকো বিশ্বৰ বিজ্ঞানীসকলে যুগান্তকাৰী উদ্ভাৱন আখ্যা দিছে।

Exit mobile version