IndiGo flight:✒️বিমানত ধৰ্মীয় শ্লোগান দি অসভ্য আচৰণ মদ্যপান কৰা যাত্ৰীৰ।যাৰ বাবে প্ৰায় দুঘণ্টা থমকি ৰ’ল দিল্লীৰ পৰা কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমান ।
কেবিন ক্ৰুৰ লগত অসৎ আচৰণ, সহযাত্ৰীক দুর্ব্যবহাৰ আৰু ধৰ্মীয় শ্লোগান দিয়াৰ অভিযোগত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
ইফালে ওলোটাই বিমান কৰ্তৃপক্ষৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে যাত্ৰীগৰাকীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো এক ছেপ্টেম্বৰত সংঘটিত হৈছিল।ইণ্ডিগোৰ ৬ই ৬৫৭১ বিমানে দিল্লীৰ পৰা কলকাতালৈ উৰা মাৰিবলৈ চূড়ান্ত প্ৰস্তুতি চলাই আছিল।
সেই সময়ত বিমানত প্ৰৱেশ কৰাৰ লগে লগে এজন যাত্ৰীয়ে “হৰ হৰ মহাদেৱ” ধ্বনি দিবলৈ আৰম্ভ কৰে। আন যাত্ৰীসকলকো একেটা শ্লোগান দিবলৈ তেওঁ আহ্বান জনায়। এই ঘটনাত বিৰক্ত হৈছিল সহযাত্ৰীসকল।
অভিযোগ অনুসৰি বিমান পৰিচাৰিকাই তেওঁক শান্ত হ’বলৈ ক’লেই তেওঁলোকৰ স’তে তৰ্ক কৰিবলৈ আৰম্ভ কৰে। এই সময়ত যাত্ৰীজনৰ হাতত এটা পানী বটল দেখিবলৈ পোৱা যায় য’ৰ পৰা সুৰাৰ গোন্ধ ওলাইছিল।
তেওঁ বিমানত সুৰা সেৱন কৰিছিল বুলি অভিযোগ উঠিছে। এই সমস্যাৰ বাবেই প্ৰায় দুঘণ্টাৰ অন্তত দিল্লীৰ পৰা কলকাতা অভিমুখে ৰাওনা হয় বিমানখন।
বিমানখন কলকাতাত অৱতৰণ কৰাৰ পিছতে অভিযুক্ত যাত্ৰীজনৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে বিমান কৰ্তৃপক্ষই। ইণ্ডিগোৱে কয় যে অভিযুক্ত যুৱকজনৰ মদ্যপানৰ অৱস্থাত আছিল।
বিমানত প্ৰৱেশ কৰাৰ পাছতে তেওঁ অশ্লীল আচৰণ কৰিবলৈ ধৰে। প্ৰাপ্ত তথ্য অনুসৰি,মানুহজন পেছাত এজন অধিবক্তা।
তেওঁ বিমান কৰ্তৃপক্ষৰ বিৰুদ্ধেও পাল্টা অভিযোগ দাখিল কৰিছে। তাত তেওঁ উল্লেখ কৰে যে তেওঁ মদ্যপান কৰা নাছিল যদিও শীতল পানীয় খাই আহিছে, যিটো আছিল বিয়েৰ।
আনকি সেই পানীয়ৰ বিলও তেওঁ থানাত জমা দিছিল। তেওঁ অভিযোগ কৰে যে তেওঁক বিমানত খাদ্য-পানীয়ৰ দৰে মৌলিক সেৱা প্ৰদান কৰা হোৱা নাছিল।






























