Abhiruchi Sports Day Celebration in Borkhala:বৰখালাত ৪২তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

borkhola

Abhiruchi Sports Day Celebration in Borkhala:

বৰখালাত ৪২তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন ৷ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সৌজন্যত উদযাপিত উক্ত অভিৰুচি ক্ৰীড়া দিৱসৰ সমূহীয়া দৌৰ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ চহিদুল আলম আৰু চিকিঃসক ডা;হেমেন কুমাৰ শৰ্মাই ৷

সমূহীয়া দৌৰ অন্তত ক্লাৱ প্ৰাংগনত আয়োজিত সভাত সভাপতিত্ব কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মাই ৷ সভাত প্ৰাক্তন খেলুৱৈ চহিদুল আলম,হাৰেজ আলি,ৰবীন শৰ্মা,সাংবাদিক নৰেন শৰ্মা আদিকৰি কেইবাজনো ব্যক্তিয়ে অভিৰুচি ক্ৰীড়া দিৱস ওপৰত বক্তব্য দিয়ে ৷ ক্লাৱৰ সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু উপসভাপতি তবিবৰ ৰহমানে আতধৰা সভাখনতে সমূহীয়া দৌৰত অংশগ্ৰহণ কৰা খেলুৱৈ সকলক মানপত্ৰ প্ৰদান কৰে ৷ সমূহীয়া দৌৰত শতাধিক কিশোৰ,কিশোৰী তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

Exit mobile version