GMCH:
জিএমচিএইছত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ পিছত তৎপৰ কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ ৷ কৰ্তব্যৰত চিকিৎসক ,নাৰ্ছ আৰু চিকিৎসা কৰ্মীৰ চৰম হেমাহিৰ বাবে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল এটি নৱজাতক৷ এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তদন্ত কমিটিৰ প্ৰতিবেদন অনুসৰি কালি চৰকাৰে দুগৰাকী চিকিৎসকক বহিস্কাৰ আৰু দুগৰাকী চিকিৎসকক নিলম্বন কৰাৰ লগতে নাৰ্ছ সহ আন তিনিজনক নিলম্বন কৰে ৷
আনহাতে এনে ঘটনাক্ৰমৰ জিএমচিএইছত বুধবাৰে নতুনকৈ নিযুক্তি দিয়া হয় ৩০ গৰাকী নাৰ্ছক ৷ আনহাতে নেচনেল হেল্থ মিছনে(NHM) জিএমচিএইছক প্ৰদান ১৮টাকৈ ‘ ‘বেবী ৱাৰ্মাৰ’৷ একেদৰে জিএমচিএইছত সংলগ্ন চিচিটিভি’ত নতুনকৈ কৰা হ’ব আই পি লগতে চিচিটিভি’ৰ ডিভিডি সংৰক্ষণৰ সময়সীমা বৃদ্ধিৰো ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷






























