karishma Nath: সমালোচনাত থকা-সৰকা হৈ অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিশ্মা নাথৰ

Sequence 010 4

karishma Nath:

সমালোচনাত থকা-সৰকা হৈ অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে বিতৰ্কিত নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথে ৷ সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমা বিচাৰি কৰিশ্মা নাথে কয়,কলাগুৰুৰ গীতটি নাগাৰা নামৰ জৰিয়তে পৰিবেশনৰ পিছতে ৰাজ্যজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

এই সন্দৰ্ভত আজি কৰিশ্মাই কয়,নাগাৰা নামৰ জৰিয়তে কলাগুৰুৰ গীতটি পৰিবেশনত মোৰ ভূল হৈছে তাৰবাবে ৰাজ্যবাসী আৰু কলাগুৰুৰ পৰিয়ালৰ ওচৰত ক্ষমাপ্ৰাৰ্থী ৷’আপোনালোকে মোক নিজৰ ছোৱালী-ভন্টি বুলি ক্ষমা কৰি দিব বুলি কৰযোৰে অনুৰোধ জনাই ৷

উল্লেখ্য যে, কিছুদিন পূবে কৰিশ্মাই নাগাৰা নামৰ এটা অনুষ্ঠানত কলাগুৰু বিষ্ণু ৰাভাৰ কালজয়ী ‘পৰ জনমত শুভ লগনত’ শীৰ্ষক গীতটি বিকৃত ৰূপত পৰিবেশন কৰিছিল ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ কলাগুৰুৰ পৰিয়াল সহ বিভিন্ন দল- সংগঠনে কৰিশ্মা নাথৰ ধৃষ্টতাক তীব্ৰ সমালোচনা কৰে ৷আনকি কলাগুৰুৰ সুযোগ্য পুত্ৰ হেমৰাজ ৰাভা সহ কে’বাটাও দল – সংগঠন সহ ব্যক্তি বিশেষে কৰিশ্মাৰ বিৰুদ্ধে থানাত গোচৰ তৰিছিল ৷ অৱশেষত ৰাজ্যবাসীৰ কটু সমলোচনাৰ সন্মুখীন হৈ আজি ছ’চিয়েল মেডিয়াৰ জৰিয়তে ক্ষমা খোজে কৰিশ্মাই ৷

Exit mobile version