Khageswar Baruah:
নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনে এইবছৰৰ পৰা প্ৰৱৰ্তন কৰা প্ৰয়াত সাংবাদিক শিৱপ্ৰসাদ বৰা সোঁৱৰণী সাংবাদিক বঁটা এইবাৰ প্ৰদান কৰিব জিলা খনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী খৰ্গেশ্বৰ বৰুৱাক।অহা ২০ ছেপ্টেম্বৰত নগাঁও প্ৰেছ ক্লাবৰ সভাগৃহত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত বৰুৱাক এই বঁটা প্ৰদান কৰা হ’ব।
উল্লেখ্য যে,খৰ্গেশ্বৰ বৰুৱাই তিনি দশকৰো অধিক কাল নিষ্ঠা আৰু সততাৰে গ্ৰাম্য এলেকা ৰূপহীহাটৰ পৰা সংবাদসেৱা আগবঢ়াই আহিছে। তাৰোপৰি তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আন বহু সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত।বঁটা প্ৰদান উপলক্ষে অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।অনুষ্ঠানটো উদ্বোধন কৰিব নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ।
তদুপৰি একেটা অনুষ্ঠানতে প্ৰয়াত জ্যেষ্ঠ সাংবাদিকদ্বয় প্ৰণৱ কুমাৰ বৰা আৰু বলেন বৰা স্মাৰক বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত হব।অনুষ্ঠানত ‘প্ৰযুক্তিৰ উত্তৰণত ছপা মাধ্যমৰ সম্ভাৱনা আৰু সংশয়’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই।অনুষ্ঠানটোত সভাপতিত্ব কৰিব নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ সভাপতি কনক হাজৰিকাই। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটোৰ আন এক কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকী,নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জীতেন বৰকটকী আৰু জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ মহন্তই।অনুষ্ঠানটোত সকলোৰে সহযোগিতা কামনা কৰিছে নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনে ।






























