Pistol Recover in Golakganj :
অসম -পশ্চিমবংগ সীমান্তত আৰক্ষীৰ নিদ্ৰাহৰণ কৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী অৱশেষত গোলকগঞ্জ আৰক্ষীৰ জালত। আজি পুৱতি নিশা পিষ্টল সহ আটক হয় ড্ৰাগছ সৰবৰাহকাৰী । কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজন হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত সোনাখুলি প্ৰথম খণ্ড গাঁৱৰ মজনু সেখ ওৰফে চান্চে। আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পিতৃ হামেদ আলী ওৰফে ধুল্লাকো আটক কৰে।
আজি পুৱতি নিশা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ বিশাল দলে গোপন খবৰৰ ভিত্তিত গাঁও খনৰ হামেদ আলীৰ ঘৰত অতৰ্কিতে অভিযান চলায়। অভিযানত ঘৰৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ হয়। আৰক্ষীয়ে হামেদ আলীক আটক কৰাৰ লগতে কুখ্যাত ড্ৰাগছ মাফিয়া মজনু সেখ ওৰফে চান্চেক আটক কৰি থানালৈ নিয়ে। আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।






























