ঝাৰখণ্ডৰ জংঘলত মাওবাদীৰ স’তে সংঘৰ্ষ ! নিহত দুজন জোৱান, আহত এজন

1754482347 chattishgarh maoist

Naxalites:✒️ঝাৰখণ্ডৰ পালামু জিলাত মাওবাদীৰ স’তে হোৱা সংঘৰ্ষত নিহত দুজন নিৰাপত্তাৰক্ষী। এই সংঘৰ্ষত আহত হয় আন এজন লোকৰ। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।

সাম্প্ৰতিক সময়ত চত্তীশগড় আৰু ঝাৰখণ্ডত নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে। বুধবাৰে স্থানীয় আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা পালামুৰৰ মানাটু থানা এলেকাৰ কেডাল গাঁৱৰ বনাঞ্চলত মাওবাদী গতিবিধি পোৱাৰ তথ্য লাভ কৰে।

সেই তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে গভীৰ নিশা মাওবাদীক দমন কৰিবলৈ অভিযান আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি নিশা ১২:৩০ বজাৰ পৰা এই অভিযান আৰম্ভ হয়।

এই অভিযানৰ সময়ত মাওবাদীৰ গুলীত দুজন জোৱান নিহত হোৱা বুলি পালামুৰৰ ডি আই জি নৌছাদ আলমে জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি চিপিআই (মাওবাদী)ৰ পৰা গঠন হোৱা নিষিদ্ধ সংগঠন থাৰ্ড কনফাৰেন্স প্ৰেপাৰেচন কমিটীৰ সদস্যসকলে কেডাল বনাঞ্চলত আত্মগোপন কৰি আছিল।

অৱশ্যে দুজন জোৱানৰ মৃত্যু আৰু এজন লোক আহত হোৱাৰ বাহিৰে এই অভিযান সন্দৰ্ভত এতিয়াও কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই আৰক্ষীয়ে।

Exit mobile version