পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বেই হাৰ্ট এটেকত মৃত্যু BHU MTech ৰ ছাত্ৰৰ ! হোষ্টেলৰ পৰা উদ্ধাৰ মৃতদেহ

1756981923 iit bhu

Student death:✒️হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে আই আই টি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষৰ এমটেক ছাত্ৰৰ মৃতদেহ। বুধবাৰে তেওঁৰ পৰীক্ষাত আছিল। পৰীক্ষা দিবলৈ যোৱাৰ আগমূহুৰ্তত তেওঁৰ মৃতদেহ মৃতদেহ উদ্ধাৰৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ছাত্ৰজনৰ হাৰ্ট এটেকত মৃত্যু হৈছে।যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছত হে তেওঁৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি মৃত লোকজনৰ নাম অনুপ সিং চৌহান। তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল। উত্তৰ প্ৰদেশৰ আজমগড়ৰ বাসিন্দা অনুপে এ আই টিৰ হোষ্টেলত আছিল।

দুমাহমান আগতে তেওঁ আই আই টিত যোগদান কৰিছিল। বুধবাৰে পুৱা আঠ বজাত অনুপৰ পৰীক্ষা আছিল। অনুপ আৰু তাৰ বন্ধু দুজনে পৰীক্ষাৰ আগদিনা নিজৰ হোষ্টেলৰ ৰুমত পঢ়া-শুনা কৰি আছিল।

ৰাতিপুৱা তিনি বজালৈকে পঢ়া-শুনা কৰি বন্ধু দুজন শুবলৈ গ’ল। অনুপ শুলে।বন্ধু দুজনে দাবী কৰে যে তেওঁলোকে পুৱা ছয় বজাত অনুপক মাতিছিল। কিন্তু কোনো সঁহাৰি নাপালে।

তেওঁলোকে ভাবিলে অনুপ টোপনিত আছে। অনুপৰ শৰীৰটো তেতিয়াও গৰম হৈ আছিল। ফলত অনুপৰ মৃত্যু হোৱা বুলি তেওঁলোকে সন্দেহ নকৰিলে।কিছু সময়ৰ পাছতে ছাত্ৰ দুজনে আই আই টি কৰ্তৃপক্ষক অৱগত কৰে।

লগে লগে অনুপক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে অনুপৰ হাৰ্ট এটেকত মৃত্যু হৈছে।।

অনুপৰ পিতৃ বিনোদ সিঙে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ১১:৩০ বজাত ভাতৃয়ে পুত্ৰৰ সৈতে কথা পাতিছিল। সেই সময়ত অনুপে কোনো শাৰীৰিক অসুস্থতাৰ কথা উল্লেখ কৰা নাছিল। তেওঁৰ কোনো শাৰীৰিক সমস্যা নাছিল বুলিও দাবী কৰিছে পৰিয়ালটোৱে।

Exit mobile version