৬০ বছৰৰ পাছতো ডেকা হৈ থাকিবলৈ কি কৰিব ?

images 27

Healthy lifestyle:বয়স বঢ়াৰ লগে লগে শৰীৰত ৰোগে ঠাই ল’ব বুলি কোনো নিয়ম নাই। বৰঞ্চ আমি নিজকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। এইটো সঁচা যে বয়স বঢ়াৰ লগে লগে শৰীৰত বিভিন্ন ৰোগৰ শংকা বৃদ্ধি পায়।

বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ৬০ বছৰ বয়স হোৱাৰ আগতে যদি দৈনন্দিন কাম-কাজত অলপ পৰিৱৰ্তন কৰিব পৰা যায় তেন্তে শৰীৰ ৰোগমুক্ত হৈ থাকিব।

দৈনন্দিন জীৱনত সৰু সৰু পৰিৱৰ্তন কৰি সুস্থ হৈ থকাটো সম্ভৱ। দৈনন্দিন কি কি অভ্যাসে আপোনাক সুস্থ হৈ থাকিবলৈ সহায় কৰিব?

প্রতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰিলে বহু ৰোগ নিয়ন্ত্রণত থাকে। গৱেষণাৰ পৰা দেখা গৈছে যে ছমাহ ধৰি অবিৰতভাবে ব্যায়াম কৰিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি।

গৱেষণাৰ পৰা দেখা গৈছে যে প্রতিদিনে এমুঠি আলমণ্ড খালে শৰীৰ সুস্থ হৈ থাকে। আলমণ্ডত প্রটিন, ফাইবাৰ, ভিটামিন, মেগনেছিয়াম আদি উপাদান থাকে। বাদামে শৰীৰৰ অত্যাৱশ্যকীয় উপাদানৰ অভাৱ পূৰণ কৰে।

প্রতিদিনে শুই উঠাৰ আগতে কিছু সময় হ’লেও কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাটো জৰুৰী। ইয়াৰ ফলত মানুহৰ ধৈৰ্য আৰু মনোযোগ বৃদ্ধি পায়।

মনটো সুস্থ কৰি ৰাখিবলৈ সেউজীয়াৰ লগত সময় কটাব পাৰি। দিনটোত কিছু সময় বাৰীখনৰ যত্ন ল’লে কেৱল মনটোৱে নহয় শৰীৰটোও সুস্থ হৈ উঠিব। দিনটোত কমেও ১০ মিনিট আপোনাৰ লগত কথা পাতক। মুকলিকৈ কথা পাতিলে বহু জটিলতা সমাধান হ’ব পাৰে।

Exit mobile version