‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰতক দোষাৰোপ কৰা বন্ধ কৰক’,

ট্ৰাম্পক সমালোচনা আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞৰ

Trump 1

Donald Trump:✒️ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে বাৰে বাৰে ভাৰতক দোষাৰোপ কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।তাক লৈ এইবাৰ আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞ এছলী জে টেলিছে ট্ৰাম্পক সমালোচনা কৰিছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবে অকল ভাৰতক দোষাৰোপ কৰা বন্ধ কৰক। ইউক্ৰেইনত শান্তি বিফল হোৱাৰ বাবে বহু লোক দায়ী।কেৱল ভাৰতেই নহয়।”

তেওঁ লগতে কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যেতিয়ালৈকে নিজৰ লক্ষ্যত অটল থাকিব তেতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বা ট্ৰাম্পে ইউক্ৰেইনত শান্তি আনিব নোৱাৰিব।পুটিনৰ বহু বন্ধু আছে যিয়ে তেওঁক যুদ্ধ অব্যাহত ৰাখিবলৈ বিভিন্ন পৰামৰ্শ দি আছে।”

মন কৰিবলগীয়া যে আমেৰিকাৰ স’তে বাণিজ্যিক চুক্তি নোহোৱাৰ বাবেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথম পৰ্যায়ত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। আমেৰিকাৰ এই শুল্কই ঘৰুৱা বজাৰত বিধ্বংসী প্ৰভাৱ পেলাইছে।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ কাপোৰ নিৰ্মাণ খণ্ডত। প্ৰাপ্ত তথ্য অনুসৰি শুল্ক যুদ্ধৰ বাবে দেশৰ কেবাখনো ডাঙৰ চহৰত বস্ত্ৰ উৎপাদন কাৰ্যতঃ বন্ধ হৈ পৰিছে।

ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি এছ চি ৰালহানে কয় যে এই বৃহৎ শুল্ক আৰোপ কৰাৰ বাবে তিৰুপপুৰ, নয়ডা আৰু চুৰাটৰ বস্ত্ৰ নিৰ্মাণ কোম্পানীসমূহে উৎপাদন বন্ধ কৰি দিছে।

কাৰণ উচ্চ শুল্কৰ বাবে ভিয়েটনাম, বাংলাদেশৰ দৰে প্ৰতিযোগীৰ পৰা বহু পিছ পৰি আছে। বহুমূলীয়া শিল, গহনা, চিংৰা, কাৰ্পেট আদি আচবাব নিৰ্মাণ কৰা কোম্পানীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

Exit mobile version