AASU Hunger Strike :
অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰা,অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰা,ভাৰত – বাংলা সীমান্ত ছীল কৰা, সীমান্তত দেখিলেই গুলিওৱাৰ নিৰ্দেশ দিয়া,কা’ক আওতাৰ পৰা অসমক আঁতৰাই ৰখা,বিপ্লৱ শৰ্মা কমিটীৰ সকলো পৰামৰ্শ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ দাবীৰে আজি আছুৰ আহ্বানত ৰাজ্যজুৰি ৰূপায়ণ কৰা হয় ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৷
ADVERTISEMENT
মহানগৰীৰ দীঘলীপুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আয়োজিত অনশনৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আছুৰ সভাপতি উৎপল শৰ্মা সহ কেন্দ্ৰীয় নেতৃবৰ্গই ৷






























