Beer Lachit Sena :বিদ্যালয়ৰ ২৬ বিঘা ভূমিৰ ১৩ বিঘাই সন্দেহজনক বেদখলকাৰীৰ কবলত !

কুম্ভকৰ্ণ নিদ্ৰাত ডিব্ৰুগড় জিলা প্ৰশাসন

Sequence 01 20 1

Beer Lachit Sena :

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমি সন্দেহজনক বেদখলকাৰীয়ে বেদখল কৰাৰ পিছত শেহতীয়াকৈ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে ব্যাপক বেদখল উচ্ছেদ অভিযান ৷ চৰকাৰী এনে পদক্ষেপৰ বিপৰীতে এইবাৰ ডিব্ৰুগড়ত বিদ্যালয়ৰ ২৬ বিঘা ভূমিৰ ১৩ বিঘাই সন্দেহজনক বেদখলকাৰীৰ কবলত থকাৰ এক তথ্য পোহৰলৈ আহিছে ৷ বীৰ লাচিত সেনাৰ টিংৰাই চাৰিআলি আঞ্চলিক সমিতিয়ে এই সন্দৰ্ভত বাৰম্বাৰ স্মাৰকপত্ৰয়ো গা লৰাব নোৱাৰিলে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৷

সমিতিয়ে সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ কৰি কয়,টিংৰাই চাৰিআলি হাইস্কুলৰ মাটি অচিৰেই বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।

Exit mobile version