Bokajan:বোকাজানৰ দিগম্বৰ জৈন মন্দিৰত চুৰি কৰা গভাইত চোৰ আৰক্ষীৰ জালত

theft

Bokajan:

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ উদ্যোগিক চহৰ বোকাজানৰ মাজমজিয়াতস্থিত জৈন ধৰ্মালম্বী লোক সকলৰ অন্যতম উপাসনাস্থলী দিগম্বৰ জৈন মন্দিৰত ২৯ আগষ্টত চোৰে চলাইছিল চাফাই অভিযান। চোৰে লুট কৰি নিয়ে প্ৰায় নগদ ধন সহ দহ লক্ষাধিক টকাৰ  সা- সামগ্ৰী ৷

মন্দিৰ কৰ্তৃপক্ষৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত বোকাজান আৰক্ষীয়ে চোৰৰ সন্ধানত ব্যাপক অভিযান অব্যাহত ৰখাৰ মাজতে অৱশেষত আৰক্ষীৰ জালত পৰিল মন্দিৰ লুট কৰা গভাইত চোৰটো। হিন্দীভাষী চোৰটোৰ স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে চোৰটোক লগতে লৈ জংঘল এখনত অভিযান চলাই উদ্ধাৰ কৰে কাহ- পিতল আৰু ৰূপৰ সা- সামগ্ৰী । আনহাতে মন্দিৰ কৰ্তৃপক্ষই জানিব দিয়া মতে ,এতিয়া উদ্ধাৰ হোৱা নাই চোৰে লুট কৰা  ৰূপৰ এটি বিগ্ৰহ আৰু নগদ ধনখিনি ৷ গভাইত চোৰটোক ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ।

Exit mobile version