Dr.Ranoj Pegu:
ৰাজ্যত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্র-ছাত্রীৰ সংখ্যা এবছৰৰ ভিতৰতে যথেষ্ট হ্রাস হোৱা বুলি বুধবাৰে ইয়াত এক সংবাদমেলত দাবী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। শেহতীয়াকৈ প্রকাশিত ২০২৪-২৫ৰ ইউডাইচ প্লাছৰ প্রতিবেদনৰ ভিত্তিত এই সফলতা দাবী কৰি সমগ্র শিক্ষা অসমৰ মুখ্য কার্যালয়ত এক সংবাদমেলত মন্ত্রীজনে কয়, ‘২০২৩-২৪ত নিম্ন প্রাথমিকত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্র-ছাত্রীৰ হাৰ আছিল ৬.২ শতাংশ। ২০২৪-২৫ত এই হাৰ ৩.৮ শতাংশলৈ হ্রাস হৈছে। উচ্চ প্রাথমিকত ৮.২ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্রাস হৈছে।
একেদৰে মাধ্যমিক পর্যায়ত ২০২৩-২৪ত ২৫.১ শতাংশ ছাত্র-ছাত্রীয়ে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰিছিল। সেই হাৰ ২০২৪-২৫ত ১৭.৫ শতাংশলৈ হ্রাস হয়। একেদৰে নামভৰ্তি কৰা শিক্ষাৰ্থীৰ অনুপাতো ২০২৩-২৪তকৈ ২০২৪-২৫ত বৃদ্ধি হয়। নিম্ন প্রাথমিকত ১০৮.১ শতাংশৰ পৰা ১১০.৫ শতাংশলৈ বৃদ্ধি হয়। মাধ্যমিক পর্যায়ত এই হাৰ ৭৬.৭ শতাংশৰ পৰা ৭৯.৭ শতাংশলৈ বৃদ্ধি হয়। উচ্চ মাধ্যমিকত ৩৭.৬ শতাংশৰ পৰা ৪৩.৫ শতাংশলৈ বৃদ্ধি হয়।’
বিদ্যালয়ৰ আন্তঃগাঁথনিও অসমত মাত্ৰ এটা বছৰৰ ব্যৱধানতে লক্ষ্যণীয়ভাৱে উন্নত হোৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে বুলি ডাঃ পেগুরে কয়। মহাবিদ্যালয়ক বাদ দি এই হিচাপ উলিওৱা হৈছে। মন্ত্রীজনে সদৰী কৰে যে ইউডাইচ প্লাছৰ ২০২৩-২৪ৰ প্ৰতিবেদনত ৪২,৯৯৮ খন শিক্ষানুষ্ঠানৰ ভিতৰৰ ৯৬.৪৬ শতাংশত ল’ৰাৰ বাবে অনাময় ব্যৱস্থাৰ সুবিধা থকাৰ তথ্য উল্লেখ আছিল। ২০২৪-২৫ৰ প্ৰতিবেদনত ৪৪,৩০০ খন শিক্ষানুষ্ঠানৰ ভিতৰত ৯৮.৭৪ শতাংশত সেই সুবিধা থকাৰ তথ্য উদ্ধৃত হৈছে।
একেদৰে ছোৱালীৰ অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত ২০২৩-২৪৩ ৯৭.৪৫ শতাংশ শিক্ষানুষ্ঠানত এই সুবিধা আছিল। ২০২৪-২৫ত সেই হাৰ ৯৯.২৬ শতাংশলৈ বৃদ্ধি হৈছে। খোৱাপানীৰ সুবিধা থকা শিক্ষানুষ্ঠানৰ হাৰ ২০২৩-২৪৩ ৯৮.৩২ শতাংশ থকাৰ বিপৰীতে শেহতীয়া প্রতিবেদনত ৯৯.১৮ শতাংশ বুলি উল্লেখ কৰা হৈছে। পুথিভঁৰালৰ সুবিধা থকা শিক্ষানুষ্ঠানৰ হাৰো ৮৬.৩৫ শতাংশৰ পৰা ৮৮.১৮ শতাংশলৈ বৃদ্ধি হোৱা বুলি প্রতিবেদনত উল্লেখ কৰাৰ কথা শিক্ষামন্ত্রীয়ে সদৰী কৰে। অৱশ্যে বিদ্যুৎ সংযোগৰ সুবিধা থকা শিক্ষানুষ্ঠানৰ হাৰ হ্রাস হৈছে। ২০২৩-২৪ত ৪৩,৪৬৮ খন শিক্ষানুষ্ঠানৰ ৯৮.০৩ শতাংশত এই সুবিধা আছিল। ২০২৪-২৫ত ৪৩,৩৫৩ শিক্ষানুষ্ঠানৰ ভিতৰত ৯৭.৮৬ শতাংশতহে এই সুবিধা উপলব্ধ আছে।
এনে সফলতা দাবী কৰি শিক্ষামন্ত্ৰীয়ে কয়, ‘যোৱা কেইটামান বছৰৰ ভিতৰত অসমে শিক্ষা ব্যৱস্থাত বহু সংশোধনী আনিবলৈ সক্ষম হৈছে। নতুন নতুন ব্যৱস্থা সংযোজিত হৈছে। শিক্ষাসেতুৰ দৰে এপ প্ৰৱৰ্তন কৰা হৈছে। কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগ, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, শিক্ষাৰ পৰিৱেশ উন্নত কৰা আদি দিশবোৰে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাত যি যোগাত্মক প্রভাৱ পেলাবলৈ সক্ষম হৈছে, তাৰেই প্রতিফলন ঘটিছে ইউডাইচ প্লাছৰ শেহতীয়া প্রতিবেদনত।’
# ৰাজ্যিক শিক্ষক বঁটাকে ধৰি কে’বাটাও বঁটা ঘোষণা
এক সংবাদমেলতে অহা পাঁচ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি প্রদান কৰিবলৈ লোৱা শিক্ষক বঁটাসমূহো ঘোষণা কৰা হয়। শিক্ষামন্ত্রীয়ে কয় যে এই বঁটাৰ বাবে ৪২৭ খন আবেদন দাখিল হৈছিল। বিশেষজ্ঞ সমিতিয়ে তাৰে ১৫ জন শিক্ষকক এই বঁটাৰ বাবে বাছনি কৰে। ইয়াৰে আঠজন মাধ্যমিক আৰু সাতজন প্রাথমিক বিদ্যালয়ৰ। মাধ্যমিক পর্যায়ত ৰাজ্যিক বঁটা লাভ কৰা শিক্ষকসকল হ’ল- গিয়ট ৱেইংকেন (ডিব্ৰুগড়), লীলাধৰ উপাধ্যায় (ডিব্ৰুগড়), ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া), স্বপ্ননীল গগৈ (ডিব্ৰুগড়), ভৃগু প্ৰসাদ শৰ্মা (লখিমপুৰ), ৰাজেশ বৰদলৈ (যোৰহাট), ডম্বৰুধৰ নেৱাৰ (লখিমপুৰ) আৰু ছুফিয়ান ছিদ্দিকী বৰভূঞা (হাইলাকান্দি)। প্রাথমিক বিদ্যালয়ৰ বঁটাৰ বাবে নির্বাচিত শিক্ষকসকল হ’ল- নিজু ৰাভা (ডিব্ৰুগড়), গুণীন্দ্র গোহাঁই (ডিব্ৰুগড়), উর্বশী দাস (কামৰূপ মহানগৰ), নবীন চন্দ্র দাস (গোলাঘাট), নন্দিতা ৰাজপুত (গোলাঘাট), অনিল চন্দ্ৰ হাজৰিকা (যোৰহাট) আৰু দিপীকা সভাপণ্ডিত (যোৰহাট)।
ইয়াৰ উপৰি নাকৰ দ্বাৰা উৎকৃষ্ট বুলি মূল্যায়িত ছখন মহাবিদ্যালয়কো এইবাৰ সন্মান প্ৰদান কৰা হ’ব। মহাবিদ্যালয় কেইখন হ’ল- পাণ্ডু মহাবিদ্যালয় (কামৰূপ মহানগৰ), প্রাগজ্যোতিষ মহাবিদ্যালয় (কামৰূপ মহানগৰ), মঙলদৈ মহবিদ্যালয় (দৰং), মৰিগাঁও মহাবিদ্যালয় (মৰিগাঁও), গড়গাঁও (শিবসাগৰ) আৰু দিছপুৰ মহাবিদ্যালয় (কামৰূপ মহানগৰ)। ইয়াৰ উপৰি আন কে’বাটাও বঁটা শিক্ষক দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা হ’ব। এইবাৰ তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষক দিৱসৰ ৰাজ্যিক কার্যসূচী অনুষ্ঠিত হ’ব বুলিও শিক্ষামন্ত্রীয়ে সদবী কবে। এই সংবাদমেলতে শিক্ষামন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে গুণোৎসৱত ‘চি’ আৰু ‘ডি’ পোৱা বিদ্যালয়ৰ শিক্ষকে কৃতী শিক্ষকৰ বঁটাৰ বাবে আবেদন কৰিব নোৱাৰিব।
অসমত শিক্ষাবৰ্ষৰ সময় সলনিৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্রীয়ে জনায় যে এই বিষয়টো এতিয়ালৈকে আগবঢ়া নাই। বিশেষজ্ঞ সমিতিৰ প্রতিবেদনো দাখিল হোৱা নাই। বিশেষজ্ঞ সমিতিয়ে যি সিদ্ধান্ত দিব, তাৰ ভিত্তিত বিষয়টো পর্যালোচনা কৰা হ’ব। ক’ভিড মহামাৰীৰ পাছৰ পৰা অসমত পূৰ্বৰ পহিলা জানুৱাৰীৰ পৰিবৰ্তে পহিলা এপ্ৰিলৰ পৰাহে নতুন শিক্ষাবর্ষ আৰম্ভ হৈ আহিছে। ইপিনে, ঐচ্ছিক বিষয়ৰ পৰিসৰ বৃদ্ধিৰ বাবে পাঠ্যক্রমত ফুটবলক অন্তর্ভুক্ত কৰা হৈছে বুলি পেগুৱে জনায়। অসমত ফুটবলৰ পৰিৱেশ আছে আৰু সেয়ে ইয়াক পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হৈছে। অসমৰ বহু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ইউডাইচ নাই বুলি তেওঁ আন এক মন্তব্য কৰে।
