Fake Documents:জাল নথিৰে স্নাতকোত্তৰ শিক্ষক পদত অর্ধশতাধিকৰ আবেদন তদন্তত নিশ্চিত কৰিলে চিআইডিয়ে

cid

Fake Documents:

শিক্ষকৰ দৰে পবিত্র বৃত্তিত জড়িত হ’বলৈয়ো গুৰুতৰ জালিয়াতিত লিপ্ত হৈছে এক বৃহৎ সংখ্যক আবেদনকাৰী। যাৰ বাবে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ জেৰাৰ সম্মুখীন হ’বলগীয়া হৈছে কমেও ৫০ গৰাকী শিক্ষক। স্নাতকোত্তৰ শিক্ষক পদত নিযুক্তিৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগত চলি থকা তথ্য পৰীক্ষা প্রক্রিয়াত কমেও ৫০ জন আবেদনকাৰীয়ে বিএড আৰু শিক্ষকৰ অতিৰিক্ত অর্হতা হিচাপে মধ্যপ্রদেশৰ এখন বিশ্ববিদ্যালয়ৰ জাল প্রমাণপত্র দাখিল কৰাটো নিশ্চিত হৈছে।

মধ্যপ্ৰদেশৰ টেকন’ গ্ল’বেল ইউনিভাৰ্চিটি নামৰ শিক্ষানুষ্ঠানৰ পৰা এনে ডিগ্রী আহৰণ কৰাৰ বিষয়টো নথি পৰীক্ষণত সন্দেহৰ আৱৰ্তত সোমাই পৰে। তাৰ পাছত শিক্ষা বিভাগে সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ পৰা এই সন্দৰ্ভত তথ্য বিচাৰে। অলপতে শিক্ষানুষ্ঠানখনে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে তেনে কোনো ডিগ্ৰীৰ প্ৰমাণপত্ৰ তথা নম্বৰ তালিকা প্রদান কৰা নাই। সেই সন্দৰ্ভত কোনো তথ্য তেওঁলোকৰ শিক্ষানুষ্ঠানত উপলব্ধ নহয়।

গতিকে প্রমাণপত্ৰ আৰু নম্বৰ তালিকাবোৰ জাল কৰি প্ৰস্তুত কৰা হৈছিল বুলি শিক্ষা বিভাগে নিশ্চিত কৰি বিষয়টো চিআইডিক অৱগত কৰে। সেই অনুসৰি চিআইডিয়ে অনুসন্ধান চলাই তেনে নথি যোগান ধৰা এটা দালাল চক্রৰ সম্ভেদো উদ্ধাৰ কৰিছে। সেই চক্ৰটোৰ সন্ধানত সম্প্রতি ব্যাপক অভিযান অব্যাহত আছে।

স্নাতকোত্তৰ শিক্ষক পদত আবেদনৰ বাবে এজন আবেদনকাৰীয়ে ন্যূনতম ৫০ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক। দালাল চক্রই সেই ধৰণেই নথি প্ৰস্তুত কৰি বৃহৎ ধনৰ বিনিময়ত একাংশ আবেদনকাৰীক যোগান ধৰিছিল। এনে জালিয়াতিৰ বাবেই আজি কে’বাজনো আবেদনকাৰী প্রার্থীক চিআইডিয়ে জেৰা চলায়। চিআইডিৰ সূত্রই জনায় যে আবেদনৰ লগত দাখিল কৰা বেছিভাগ প্রার্থীয়ে মৰিগাঁও, নগাঁও, গোৱালপাৰা আদি জিলাৰ।

Exit mobile version