Garchuk Murder incident:
মহানগৰীৰ আইএছবিটি পাশ্বৱৰ্তী গড়চুকৰ বাথৌগুৰিত চাঞ্চল্যকৰ ঘটনা৷ বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ ৷ বন্ধুক হত্যা কৰি বস্তুাত ভৰাই হত্যাকাৰীয়ে পেলাই দিলে বশিষ্ঠ নৈত ৷ হত্যাৰ বলি হোৱা কিশোৰটিৰ নাম ৰিয়াজ আলী৷ তেওঁৰ বয়স চৈধ্য বছৰ । আনহাতে হত্যাকাণ্ড সংঘটিত কৰা ঘাতক বন্ধুজনৰ নাম ৰফিকুল ইছলাম ৷
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে গড়চুক আৰক্ষীয়ে ঘাতক ৰফিকুল ইছলামক আটক কৰিছে ৷ আৰক্ষীৰ জেৰাত ৰফিকুলে স্বীকাৰোক্তি দিয়া অনুসৰি ইতিমধ্যে এছডিআৰএফে ৰিয়াজ আলীৰ মৃতদেহৰ সন্ধানত বশিষ্ঠ নৈত আৰম্ভ কৰিছে অভিযান ।
