Kolkata High Court Judgement: কলকাতাৰ সুবিশাল বাণিজ্যিক প্লাজা ভাঙি পেলোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ফ্লেটৰ গৰাকীসকলক সাত শতাংশ সুতত ধন ঘূৰাই দিবলৈও নির্দেশ

elita 1

Kolkata High Court Judgement:

দুমাহৰ ভিতৰত কলকাতাৰ নিউ টাউনৰ এলিটা গার্ডেন ভিষ্টা সমাজস্থিত বিলাসী সুবিশাল টাৱাৰটো ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰিলে কলকাতা উচ্চ ন্যায়ালয়ে। ২২৩টা এপার্টমেন্টযুক্ত, ২৬৯ খন সৰু যাত্রীবাহী গাড়ী (কাৰ) পাৰ্ক কৰিব পৰাৰ সুবিধাযুক্ত ২৬ মহলীয়া এই টাৱাৰ বিধি উলংঘাৰে নিৰ্মাণ কৰা ধৰা পেলাই যোৱা শুকুৰবাৰে ন্যায়াধীশ ৰাজশেখৰ মান্থা আৰু ন্যায়াধীশ অজয় কুমাৰ গুপ্তাৰ এখন খণ্ড বিচাৰপীঠে এই নির্দেশ জাৰি কৰে। বিচাৰপীঠে নিৰ্দেশ জাৰি কৰে যে আগন্তুক দুমাহৰ ভিতৰত এই বিলাসী বাণিজ্যিক প্লাজা ভাঙি পেলাব লাগিব।

উল্লেখ্য যে এই প্লাজা হৈছে কলকাতা মহানগৰৰ এলিটা গার্ডেন ভিষ্টা ছ’চাইটীৰ ১৬ সংখ্যক টাৱাৰ। ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহে যে এই টাৱাৰ পশ্চিমবংগ এপার্টমেন্ট স্বত্বাধিকাৰীত্ব আইন ১৯৭২ উলংঘা কৰি নিৰ্মাণ কৰা হৈছে। ইয়াকে কৰোতে নিৰ্মাণকাৰীয়ে পূৰ্বৰে পৰা থকা এপার্টমেণ্টৰ গৰাকীসকলৰ পৰা ল’ব লগা বাধ্যতামূলক সম্মতি নল’লে। তদুপৰি পশ্চিমবংগ অট্টালিকা উন্নয়ন আইন, ১৯৯৩-ও নিৰ্মাণকাৰীয়ে উলংঘা কৰে। নিৰ্মাণকাৰীৰ এই কাৰ্যৰ ফলত উমৈহতীয়া স্থানৰ ওপৰত থকা অবিভাজিত অংশ হ্রাস কৰে।

এনেদৰে নিৰ্মাণকাৰীয়ে ভাৰতীয় সংবিধানৰ ৩০০ এ অনুচ্ছেদে প্ৰদান কৰা সম্পত্তিৰ অধিকাৰ উলংঘা কৰে বুলি বিচাৰপীঠে মন্তব্য কৰে। এনে নিৰ্মাণৰ বাবে অনুমতি দিয়া নিউ কলকাতা উন্নয়ন কর্তৃপক্ষ (এনকে ডিএ)ৰ অভিযন্তাসকলৰ লগতে অনুমতি প্ৰদানৰ স’তে জড়িত অন্যান্যসকলকো ন্যায়ালয়ে দায়ী কৰি এই অভিযন্তা তথা অন্যান্যসকলৰ বিৰুদ্ধে বিভাগীয় আৰু অপৰাধ আইনৰ অধীনত ৰাজ্যিক তদাৰকী আয়োগক ব্যৱস্থা ল’বলৈ নির্দেশ দিছে। ন্যায়ালয়ে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে এই প্রাসাদোপম টাৱাৰ ভাঙি পেলোৱাৰ বিকল্প নাই।

উল্লেখ্য যে পূর্বে এই টাৱাৰ ১৫ মহলীয়া আছিল। এই ১৫ মহলীয়া টাৱাৰত থকা ফ্লেটসমূহৰ গৰাকীসকলৰ অনুমতি অবিহনে অতিৰিক্ত নিৰ্মাণ সম্পন্ন কৰা হয়। লক্ষ্যণীয়ভাবে পূর্বে এই টাৱাৰ ১৫ মহলীয়াকৈ নিৰ্মাণৰহে অনুমতি আছিল। ২০০৭ত এই টাৱাৰ নিৰ্মাণ আৰম্ভ হয়। ন্যায়ালয়ে এই নিৰ্দেশৰ সময়ত লগতে স্পষ্ট কৰি দিয়ে যে এনে এক নিৰ্মাণৰ বাবে নিউ টাউন কলকাতা উন্নয়ন কর্তৃপক্ষই অনুমতি দিব নোৱাৰে। তৎসত্ত্বেও উন্নয়ন কর্তৃপক্ষই দিয়া এই অনুমতিক জালিয়াতিৰ সমতুল্য আখ্যা দিয়ে ন্যায়ালয়ে।

গোচৰটোৰ শুনানিৰ সময়ত পদকীয়া পক্ষৰ অধিবক্তা অভিজিত মিত্রই টাৱাৰটো ভাঙিবলৈ নির্দেশ নিদিবলৈ জনোৱা প্রার্থনা গ্রহণ কৰিবলৈ ন্যায়ালয়ে অস্বীকাৰ কৰে। উল্লেখ্য যে ২০০৭৩ ১৫টা টাৱাৰযুক্ত এই টাৱাৰ নিৰ্মাণ কৰে কেপ্পেল মেগাছ প্রাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে। আৰম্ভণিতে ই ২৩ মহলীয়া আছিল আৰু ইয়াৰ ফ্লেটৰ সংখ্যা আছিল ১,২৭৮টা। পৰৱৰ্তী সময়ত ২০১৪ত এই প্রকল্প এলিটা গার্ডেন ভিষ্টা প্ৰজেক্টছৰ ওচৰত বিক্ৰী কৰা হয়।

ইয়াৰ এবছৰৰ পাছতে নতুন স্বত্বাধিকাৰীয়ে প্রকল্পটো ১৬টা টাৱাৰযুক্ত কৰিবলৈ সংশোধিত
পৰিকল্পনা গ্রহণ কৰে। ফলত উমৈহতীয়া স্থানৰ সমানুপাতিক অংশ হ্রাস পায়। কেৱল সেয়াই
নহয়, এক নতুন বাণিজ্যিক কমপ্লেক্স নির্মাণৰ অনুমতিও নতুন স্বত্বাধিকাৰীয়ে উলিয়ায়। সম্প্রতি
কলকাতা উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছে এই সমগ্র প্রক্রিয়া প্ৰাৰম্ভিকভাৱে অবৈধ আৰু অসাধু
আছিল।

ফলত পূৰ্বৰে পৰা থকা ফ্লেটৰ মালিকসকল অবিভাজিত ভূমিৰ অংশৰ অধিকাৰ
হেৰুৱাবলীয়া হয়। ন্যায়ালয়ে লগতে এই প্লাজাৰ ১৬ সংখ্যকBটাৱাৰৰ ফ্লেট ক্ৰয় কৰাসকলক
বার্ষিক সাত শতাংশ সুদৰ হাৰত ধন ঘূৰাই দিবলৈও নিৰ্দেশ জাৰি কৰে। তেওঁলোকক নিজৰ সা- সম্পত্তি ফ্লেটৰ পৰা লৈ যাবলৈ এমাহ সময় দিবলৈও ন্যায়ালয়ে নির্দেশ দিছে।

Exit mobile version