Nagaon:
শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক-পণ্ডিত প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰলৈ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰি নগাঁৱত উন্মোচন কৰা হয় এটা বৰগীত । শিল্পী কাকলি শইকীয়া আৰু নীলাক্ষি কটকীয়ে কণ্ঠ নিগৰোৱা এই বৰগীতটো হৈছে মহাপুৰুষ মাধৱদেৱৰ বিৰচিত “আলো শুই গ’লো শুই” । বাঁহীবাদক প্ৰাঞ্জল বৰাৰ সংগীত সমৃদ্ধ এই বৰগীতটো উন্মোচন কৰে অধ্যাপক, চিন্তাবিদ ড: সঞ্জীৱ কুমাৰ বৰকাকতীয়ে ।
উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি-বক্তা ড৹ নন্দ সিং বৰকলা আৰু গল্পকাৰ, অধ্যাপক ড: সঞ্জীৱ পল ডেকায়ো শংকৰী সংস্কৃতি আৰু বৰগীতৰ সন্দৰ্ভত তাত্বিক বক্তব্য প্ৰদান কৰে । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই সঞ্চালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত লেখিকা মঞ্জু লস্কৰ, উপমা মজুমদাৰ, গল্পকাৰ শিৱানন্দ কাকতি, শিক্ষাবিদ ড৹ কুলেন চন্দ্ৰ দাস, অধ্যাপক মুনি কাকতি, শিল্পী অঞ্জলি মহন্ত, সক্ৰিয় ৰাজহুৱা কৰ্মী মামনি বৰা, নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞা, ধ্ৰুৱজ্যোতি বৰা, শিক্ষক ঋত্বিক মজুমদাৰ আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ‘ৰঙ্গম’ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দুঘণ্টীয়া অনুষ্ঠানটিতে সাধনা সংগীত বিদ্যালয়ৰ অধ্যক্ষ মমি গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।






























