Umrangso :
ডিমা হাছাও জিলাৰ উমৰাংছ’ত এটা চিমেন্ট কোম্পানীক তিনি হেজাৰ বিঘা ভূমি আবণ্টনৰ দ্বাৰা প্রাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ আশংকাত গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ভূমি হস্তান্তৰৰ বিৰুদ্ধে অঞ্চলটোৰ ২২টা পৰিয়াল ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বিষয়টোৰ শুনানি বুধবাৰে পুনৰ অনুষ্ঠিত হয়।
লক্ষ্যণীয়ভাবে এই শুনানিত অসম চৰকাৰৰ মহাধিবক্তাই প্রকৃত তথ্য নজনাকৈয়ে বক্তব্য প্রদান কৰাটোও স্পষ্ট হয়। মহাধিবক্তাৰ এনে ভূমিকাই ৰহস্যৰো সৃষ্টি কৰিছে। উল্লেখ্য যে এই বৃহৎ পৰিমাণৰ ভূমি চিমেন্ট কোম্পানীটোক দিয়াক লৈ স্বায়ত্তশাসিত পৰিষদখনৰ হৈ ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই শপতনামা দাখিল কৰি কয় যে বিনিয়োগ সম্মিলন-১ আৰু বিনিয়োগ সম্মিলন-২ৰ জৰিয়তে বৃহৎ বৃহৎ বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ কৰি ৰাজ্যখনক ঔদ্যোগিকৰণৰ অন্যতম ক্ষেত্ৰ কৰিব বিচৰা হৈছে।
যদিহে মহাবল চিমেণ্ট কাৰখানা গঢ়ি উঠে, তেন্তে এইটো হ’ব ভাৰতৰে অন্যতম বৃহৎ চিমেন্ট উদ্যোগ। মহাধিবক্তা দেৱজিৎ শইকীয়াই আৰু কিবা ক’ব বিচাৰিছিল যদিও ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে প্রশ্ন কৰে এইদৰে, ‘পৰিৱেশৰ ক্ষতিসাধন কৰি উদ্যোগ গঢ়িব বিচাৰিছে? আপোনালোকে পৰিৱেশৰ কথাটো কিয় ভবা নাই?’ তেতিয়া মহাধিবক্তাই কয় যে সেই ভূমি কেতিয়াবাই উদ্যোগ বিভাগক দিয়া হৈছিল; কিন্তু উদ্যোগ বিভাগে আজিলৈকে ব্যৱহাৰ নকৰাকৈ থৈ দিছিল। তাত জনবসতিও নাই।
উদ্যোগ বিভাগে এই বৃহৎ ভূমি পেলাই থোৱা বাবেহে তাক ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে। তেতিয়া ন্যায়াধীশজনে কয় যে যদি জনবসতি নাই, তেন্তে তাত জৈৱ-বৈচিত্র্য ভৰি আছে। জৈৱ-বৈচিত্র্যৰ হটস্পট হোৱা সত্ত্বেও পৰিৱেশৰ বিষয়টো কিয় ভবা হোৱা নাই বুলি ন্যায়াধীশজনে প্রশ্ন কৰে। মহাধিবক্তাই আকৌ কয় যে চিমেন্ট কোম্পানীটোৱে ছহেজাৰ বিঘা ভূমি বিচাৰিছিল যদিও তেওঁলোকক তিনি হেজাৰ বিঘা দিয়াৰহে সিদ্ধান্ত হয়।
এই প্রসংগতে মহাধিবক্তাই কয় যে সেই ভূমি বিক্ৰী কৰা বুলি ইতিমধ্যে কোৱা হৈছিল যদিও প্রকৃততে বিক্ৰী হোৱা নাই। ৩০ বছৰলৈ লীজতহে দিয়া হৈছে। বছৰি প্ৰতি বিঘা আঢ়ৈশ টকা ৰাজহৰ বিনিময়ত এই ভূমি দিব বিচৰা হৈছে। তেনেদৰে ‘প্রিমিয়াম’ হিচাপে প্রতি বিঘাত মহাবল চিমেন্টে দুই লাখ টকাকৈ আদায় দিব লাগিব। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ শুনানিত মহাধিবক্তা শইকীয়াই প্রতি বিঘা ভূমি দুই লাখ টকাকৈ চিমেন্ট কোম্পানীটোক বিক্ৰী কৰা হৈছিল বুলি ন্যায়ালয়ক অৱগত কৰিছিল; কিন্তু আজি লীজতহে দিয়া বুলি কয়।






























