Goreswar:
আৰক্ষী চাউনিত লংকা কাণ্ড ৷ কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ হোমগাৰ্ডৰ ৷ এই ঘটনা বৃহস্পতিবাৰে নিশা সংঘটিত হয় গোৰেশ্বৰ আৰক্ষী থানাৰ চাউনিত ।
নিশা এটা সৰু কথাতেই থানাৰ গাড়ীচালক ৰূপে নিয়োজিত হোমগাৰ্ড আব্দুল আলীয়ে কনিষ্টবল পৰেশ ডেকাক উপযুপৰি প্ৰহাৰ কৰে ৷ ফলত মুৰত গুৰুতৰভাৱে আঘাত পোৱা ডেকাক গোৰেশ্বৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় ৷ আঘাতপ্ৰাপ্ত ডেকাৰ মুৰত পৰে চাৰিটা চিলাই ৷ আনহাতে ঘটনা সন্দৰ্ভত কনিষ্টবল পৰেশ ডেকাই থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নিশাই আৰক্ষীয়ে আটক কৰে হোমগাৰ্ড আব্দুল আলীক ৷
